নামৰূপত ২৫ মেগাৱাত সৌৰ শক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন

মুখ্যমন্ত্ৰীৰ উপৰিও উজনি অসমৰ কেইবাজনো মন্ত্ৰী, বিধায়ক উপস্থিতি
নামৰূপত ২৫ মেগাৱাত সৌৰ শক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন
নামৰূপত ২৫ মেগাৱাত সৌৰ শক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন
Published on
Updated on

ডিজিটেল সংবাদ নামৰূপঃ অসম শক্তি উৎপাদন নিগম লিমিটেডৰ অধীনৰ নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰত শুকুৰবাৰে ২৫ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম সৌৰ শক্তি প্ৰকল্প স্থাপনৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অসম শক্তি উৎপাদন নিগম লিমিটেড আৰু অইল গ্ৰীণ প্ৰাইভেট লিমিটডৰ যৌথ উদ্যোগত দিনৰ ৩ বজাত মুখ্যমন্ত্ৰী নামৰূপ তাপ বিদ্যুত প্ৰকল্পত উপস্থিতিত প্ৰস্তাৱিত নতুন সৌৰ শক্তি প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰে ।

এই অনুষ্ঠানত উপস্থিত থাকে সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, ডিব্ৰগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, দুলীয়াজানৰ তেৰশ গোৱালা , বিনোদ হাজৰিকা, পোনাকন বৰুৱা, চক্ৰধৰ গগৈ তৰংগ গগৈ, এ পি এলৰ অধ্যক্ষ বিকুল ডেকা, অসম টুৰিজিম ডেভেলপমেণ্ট কৰ্পৰেচনৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, এ পি জি চি এলৰ স্বতন্ত্ৰ সঞ্চালক অনুপ সিং ৰাজ পুৰোহিত, দেৱজিৎ মহন্ত, প্ৰাক্তন মন্ত্ৰী ৰামেশ্বৰ তেলী আদি।

এই উপলক্ষে আয়োজিত বিশাল জন সভাত প্ৰথমে আদৰণি ভাষণ প্ৰদান কৰে এ পি জি চি এলৰ পৰিচালন সঞ্চালক বিভূ্ ভূঞাই। ইয়াৰ পিছতে ক্ৰমে সাংস্কৃতিক মন্ত্ৰী বিমল বৰা আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে ভাষণ প্ৰদান কৰে। মুখ্য অতিথি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ দীঘলীয়া ভাষণত প্ৰথমেই সদ্য সমাপ্ত লোক সভা নিৰ্বাচনত বিপুল ভোট প্ৰদান কৰি বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক জয় যুক্ত কৰাৰ বাবে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনায় ।

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যত বৰ্তমান সাত টা সৌৰ শক্তি প্ৰকল্প স্থাপন হৈ বিদ্যুৎ উৎপাদন হৈ আছে। আমগুৰি, ওদালগুৰী, শিলচৰ, নগাঁওৰ চামগুৰি, বকোৰ সৌৰ শক্তি প্ৰকল্প মিলি ১৭৫ মেগাৱত বিদ্যুৎ উৎপাদন কৰি আছে। শোণিতপুৰৰ বৰচলা আৰু ধুবুৰীত প্ৰকল্পৰ কাম চলি আছে । ইয়াৰ লগতে কাৰ্বি আঙলং ত ১০০০ মেগাৱাত সৌৰ শক্তি প্ৰকল্পৰ কাম শীঘ্ৰেই আৰম্ভ হব। নামৰূপৰ এই ২৫ মেগৱাত প্ৰকল্পৰ বাবে ১০৮ একৰ ভূমি সামৰি স্থাপন কৰা হ'ব। ইয়াৰ বাবে ১১৬ কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব। এই প্ৰকল্প ৰাজ্য চৰকাৰ ,আৰু অইল ইণ্ডিয়া লিমিটেডে সমানে টকা ব্যয় কৰিব।

এই সময়ত এ পি জি চি এল, এ ই জি চি এল আদি শক্তি খণ্ডৰ লগত জড়িত অনুষ্ঠানসমূহ একত্ৰিত হৈ সৌৰ শক্তি উৎপাদনৰ পৰিবেশ এটা গঢ়িবলৈ প্ৰচেষ্টা চলোৱা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। তেওঁ কয় যে, বৰ্তমান বিদ্যুতৰ চাহিদা উৎপাদনত কৈ বহুত বেছি। ইয়াৰ কাৰণ দ্ৰুত উদ্যোগীকৰণ, বিদ্যুতৰ অধিক ব্যবহাৰ আৰু বহু বিদ্যুৎ নথকা গাঁৱলৈ বিদ্যুৎ যোগানৰ ব্যবস্থা কৰা।

তিনি বছৰৰ পূৰ্বে ৰাজ্যত বিদ্যুতৰ প্ৰয়োজন আছিল ১৮০০ মেগাৱাট কিন্তু বৰ্তমান এতিয়া ইয়াৰ প্ৰয়োজনীয়তা ২৫০০ মেগাৱাত লৈ বৃদ্ধি পাইছে। নামৰূপ প্ৰকল্পক ধৰি অসমত ৪১৯ মেগাৱাতহে বিদ্যুৎ উৎপাদন হয়। ইয়াৰ বিপৰীতে প্ৰয়োজন হয় ২৫০০ মেগাৱাত ।

অতিৰিক্ত বিদ্যুতৰ বাবে অসমে বহিঃ ৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। ৰাইজক ৬ টকা কৈ বিক্ৰী কৰাৰ বিপৰীতে অসম চৰকাৰে ১০ টকা হাৰত অন্য ৰাজ্যৰ পৰা ক্ৰয় কৰে। অসমত কয়লা, পানী, আদিৰে বিদ্যুৎ উৎপাদনৰ বহু বেছি অৱকাশ নাই। সেয়ে সৌৰ শক্তি প্ৰকল্প নিৰ্মাণৰ ওপৰত গুৰুত্ব দিবলগীয়া হৈছে।

এই সকলো প্ৰচেষ্টা সফল হলে ২০৩০ চনৰ ভিতৰত ৩৬৪৫ মেগাঁৱত বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হ'ব অসম। ইয়াৰ উপৰি এ পি জি চি এল আৰু অইল ইণ্ডিয়া একত্ৰিত হৈ স্থাপন কৰা অইল গ্ৰীণ পাৱাৰ লিমিটেডে কপিলী জল বিদ্যুৎ প্ৰকল্পত ১২০ মেগাৱট বিদ্যুৎ উৎপাদনৰ কাম আৰম্ভ কৰিব।

কেন্দ্ৰীয় চৰকাৰৰ সূৰ্য্য ঘৰ আঁচনিখনৰ বিষয়ে উল্লেখ কৰি কয় যে, এই আঁচনিৰ যোগেদি এটা পৰিয়ালে নিজৰ ঘৰত তিনি কিলোৱাত সৌৰশক্তি বিদ্যুৎ উৎপাদন কৰিব পাৰিব আৰু তাৰ বাবে ব্যয় হ'ব প্ৰায় ডেৰ লাখ টকা আৰু দুখীয়া পৰিয়ালক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ মিলি মুঠ ব্যয়ৰ এক লাখ ত্ৰিশ হাজাৰ টকাৰ ৰাজ সাহাৰ্য প্ৰদান কৰিব। এই আঁচনিৰ যোগেদি ৰাজ্যত ইতিমধ্যে ১৭০ ঘৰ লোকে এই সৌৰশক্তি বিদ্যুৎ উৎপাদন কৰিছে আৰু দুই লাখ লোকে এই সুবিধা লাভ কৰিবৰ বাবে আবেদন কৰিছে ।

নাহৰকটীয়া সমষ্টিবাসী ৰাইজকো এই আঁচনিখনৰ সুবিধা লবৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনায়। মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰাৰ লগতে যিসকল লোকে বৰ্তমানলৈকে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা নাই তেওঁলোকক অহা এক মাহৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰি দিয়া হব বুলি উল্লেখ কৰে।

নামৰূপত ২৫ মেগাৱাত সৌৰ শক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন
চিলাপথাৰৰ ডাম্বুকত ৰে'ল দলঙৰ পৰা জপিয়াই মৃত্যু হ'ল এজন যুৱকৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in