মুখ্যমন্ত্ৰীয়ে দিয়া সময়সীমাৰ ম্যাদ উকলিলঃ মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে আন্দোলন ঘোষণা...

মুখ্যমন্ত্ৰীয়ে দিয়া সময়সীমাৰ ম্যাদ উকলিলঃ মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে আন্দোলন ঘোষণা...
মুখ্যমন্ত্ৰীয়ে দিয়া সময়সীমাৰ ম্যাদ উকলিলঃ মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে আন্দোলন ঘোষণা...
Published on
Updated on

ডিজিটেল সংবাদ চাবুৱাঃ মটক জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিলে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে। সোমবাৰে ডিকমৰ বিনৈগুটীয়া ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক সংবাদমেলত ৰাজ্যজুৰি হ'বলগীয়া আন্দোলনৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে মটক যুৱ-ছাত্র সন্মিলনৰ নেতৃত্বই।

কাৰ্যসূচী অনুসৰি ৩ জুলাইত জিলাৰ সদৰসমূহত অৱস্থান ধৰ্মঘট, ১০ জুলাইত অইল অৱৰোধ, ১৭ জুলাইত জিলাই জিলাই উপায়ুক্ত কাৰ্যালয়ত ধৰ্ণা, ৩১ জুলাইত জিলাই জিলাই বাইক ৰে'লী, ১ আগষ্টত মোহনবাৰী বিমানকোঠ অৱৰোধ আৰু ২১ আগষ্টত গুৱাহাটীত ৰূপায়ন কৰা হ'ব প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী।

সংবাদমেলত মটক যুৱ-ছাত্ৰ সন্মিলনৰ নেতৃত্বই কয় যে, দীৰ্ঘদিনৰ পৰা মটক জনগোষ্ঠীক জনজাতিকৰণ, গুৱাহাটী মহানগৰত মটক জনগোষ্ঠীৰ ভৱন নিৰ্মাণৰ বাবে মাটি আৱন্টন, বানপানী আৰু গৰাখহনীয়া সমস্যাৰ, স্থায়ী সমাধান, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা, আলফা সমস্যাৰ স্থায়ী সমাধান, অইল, ভাৰতীয় তেল নিগম, বিচিপিএলত মটক জনগোষ্ঠীৰ শিক্ষিত যুৱক-যুৱতীক যোগ্যতা অনুসৰি নিয়োগৰ ব্যৱস্থা গ্ৰহণ কৰা, চৰকাৰে নিযুক্তি প্ৰদান কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰিত মটক জনগোষ্ঠীৰ বাবে বিশেষ সংৰক্ষণৰ ব্যৱস্থা কৰা, ঐতিহাসিক মটক জনগোষ্ঠীৰ কীৰ্তি চিহ্নসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰা আদি দাবীসমূহ সমাধানৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই।

অন্যহাতে ২০২২ বৰ্ষৰ ২২ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীয়ে মটক জনগোষ্ঠীক আগন্তক ৬ মাহৰ ভিতৰত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু ৬ মাহৰ সময়সীমা ওকলি যোৱাৰ পিছতো চৰকাৰৰ তৰফৰ পৰা আজিকোপতি আনুষ্ঠানিক মন্তব্য প্ৰদান কৰা নহ'ল। এই সংবাদমেলত মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি ৰঞ্জিত গোহাঁই, সাধাৰণ সম্পাদক স্বৰূপ গোহাঁই , মুখ্য উপদেষ্টা ধৰণী গোহাঁই, উপদেষ্টা মিন্টু বৰপাত্ৰ , উপ-সভাপতি অজয় গগৈ উপস্থিত আছিল।

মুখ্যমন্ত্ৰীয়ে দিয়া সময়সীমাৰ ম্যাদ উকলিলঃ মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে আন্দোলন ঘোষণা...
সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে বৰাক বন্ধঃ আৰক্ষী, CRP ৰ তহলৰ মাজতো মিশ্ৰিত প্ৰভাৱ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in