মেধাৱী ছাত্ৰ মানস প্ৰতীম সোণোৱালক টেঙাখাতত সম্বৰ্ধনা

মেধাৱী ছাত্ৰ মানস প্ৰতীম সোণোৱালক টেঙাখাতত সম্বৰ্ধনা

author-image
Asomiya Pratidin
New Update
মেধাৱী ছাত্ৰ মানস প্ৰতীম সোণোৱালক টেঙাখাতত সম্বৰ্ধনা

ডিজিটেল সংবাদ,টেঙাখাত : ২০০৩ চনতে স্থাপিত টেঙাখাত কলা নিকেতনৰ পৰা প্ৰথম নৃত্য বিষাৰদ ডিগ্ৰী লাভ কৰিছিল মানসপ্ৰতীম সোণোৱালে। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ টেঙাখাত মহাবিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ সদ্যঘোষিত স্নাতক চূড়ান্ত তথা ষষ্ঠ ষান্মাসিক পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত কলা নিকেতনৰ শিক্ষক, শিক্ষাৰ্থীৰ লগতে অভিভাৱকসকল উৎফুল্লিত হৈ পৰিছে ।

সেয়েহে দেওবাৰে কলা নিকেতনত এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ছাত্ৰী ৰিদিশা গগৈৰ এটি সুমধুৰ গীতেৰে আৰম্ভ কৰা হয় এই অনুষ্ঠানটি। অনুষ্ঠানৰ আঁত ধৰে কলা নিকেতনৰ পৰিচালক সুভাষ চুতীয়া,বিজ্ঞান শিক্ষক তথা অভিভাৱক জিতেন্দ্ৰ গগৈয়ে।

উক্ত অনুষ্ঠানত কৃতি ছাত্ৰ মানস প্ৰতীম সোণোৱালক কলা নিকেতন আৰু টেঙাখাত প্ৰেছ ক্লাবৰ মনজিত বৰাৰ তৰফৰ পৰা ফুলাম গামোচাৰে সম্বৰ্ধনা আৰু অভিনন্দন জ্ঞাপন কৰে। অভিনন্দন গ্ৰহণ কৰি মানসে ধন্যবাদ সূচক আৰু ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্যে পৰামৰ্শমূলক বক্তব্য প্ৰদান কৰে।

ইয়াৰোপৰি কলা নিকেতনৰ নৃত্য শিক্ষক মানিক বৰা, পৰিচালক সুভাস চুতীয়া, বিজ্ঞান শিক্ষক জীতেন্দ্ৰ গগৈ,টেঙাখাত প্ৰেছ ক্লাবৰ সম্পাদক জয়ন্ত শইকীয়া আদিয়ে মানস প্ৰতীমৰ উজ্বল ভৱিষ্যত কামনা কৰি বক্তব্য ৰাখে। উক্ত অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী, সাংবাদিক নীল বৰুৱা, কলা নিকেতনৰ নৃত্য শিক্ষয়িত্ৰী প্ৰণামী মহন,সংগীত শিক্ষক অচিন্ত ফুকন দিপ্তী বৰুৱাৰ লগতে অভিভাৱকসকল উপস্থিত থাকে ।

উল্লেখ্য যে,সদ্যঘোষিত স্নাতক ষষ্ঠ ষান্মাসিক পৰীক্ষাৰ ফলাফল অনুসৰি অসমীয়া বিভাগৰ ছাত্ৰ মানস প্ৰতীম সোণোৱালে 'এ' প্লাচ গ্ৰেড লাভ কৰাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত ৮.১৭ চি জি পি এ ৰেংক দখল কৰি টেঙাখাত মহাবিদ্যালয়ৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ।

আনহাতে কিছুদিন পূৰ্বে অনুষ্ঠিত হোৱা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত তেওঁ ১৪ নম্বৰ স্থানত উত্তীৰ্ণ হৈছিল। ইতিমধ্যে তেজপুৰ বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ মহলাত অধ্যয়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি মানস প্ৰতীমে ভৱিষ্যতে এজন কলেজ শিক্ষক হোৱাৰ বাবে আশা প্ৰকাশ কৰে ।

উল্লেখযোগ্য যে, টেঙাখাত পুৰণী- খঙীয়া গাঁৱৰ বাসিন্দা খনীন্দ্ৰ হাজৰীকা আৰু পূৰবী হাজৰীকাৰ পুত্ৰ মানস প্ৰতীম সোণোৱালে বিগত বৰ্ষৰ পৰা চলিত বৰ্ষলৈ টেঙাখাত মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি হিচাপে কাৰ্যনিবাহ কৰিছিল।

Also Read: সপ্তাহত ১০০ গছ পুলি ৰোপণ কৰিব স্বেচ্ছাসেৱী অনুষ্ঠান কৃষ্ণচূড়াই

tengakhat