মিচিং জনগোষ্ঠীৰ পাংগিং বংশাৱলীৰ গুৰুত্বপূৰ্ণ সভা সম্পন্ন

মিচিং জনগোষ্ঠীৰ পাংগিং বংশাৱলীৰ গুৰুত্বপূৰ্ণ সভা সম্পন্ন
Published on
Updated on

ডিজিটেল সংবাদ,ডিব্ৰুগড়: মিচিং জনগোষ্ঠীৰ এক অন্যতম বংশ হৈছে পাংগিং বংশ । অসম- অৰুণাচল প্ৰদেশত সিচঁৰিত হৈ থকা পাংগিং বংশৰ পৰিয়ালবোৰক একত্ৰিত কৰাৰ উদ্দেশ্য আজি ডিব্ৰুগড় চুকাফা ভৱনৰ ৰাজহুৱা প্ৰেক্ষাগৃহত পাংগিং অপে হৌৰাং কৗবাং কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় । ডিব্ৰুগড় চুকাফা ভৱনত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাত পাংগিং হৗৰাং কৗবাং কেন্দ্ৰীয় সমিতিৰ স্থায়ী সভাপতি কুমচং পাংগিঙে সভাপতিত্ব কৰে৷ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক পুন্যনাথ পাংগিঙে।

কাৰ্যনিৰ্বাহ সভাত পাংগিং বংশাৱলী সাংগঠনিক দিশ সন্দৰ্ভত আলোচনা কৰাৰ লগতে ধেমাজি জিলাৰ গোগামূখত মিচিং বানে কৗবাঙে সমূহীয়াকৈ ভৱন নিৰ্মাণ কৰি থকা ভৱনলৈ পাংগিং বংশাৱলীৰ তৰফৰ পৰা কিছু পৰিমাণে আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ ওপৰত সভাত আলোচনা কৰে। তদুপৰি পাংগিং অপে হৌৰাং কৗবাং অনুষ্ঠানটোক আৰু অধিক গতিশীল আৰু শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে এখন সুকীয়াকৈ সংবিধান বা উপবিধি প্ৰস্তুত কৰাত আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰি‌ সৰ্বসন্মতক্ৰমে গৃহীত কৰে। লগতে যি বোৰ জিলা আৰু আঞ্চলিক সমিতি গঠন প্ৰক্ৰিয়া থাকি গৈছে এই সমূহ এমাহৰ ভিতৰত গঠন কৰিবলৈ নিৰ্দেশনা দিয়ে ।

উল্লেখ্য যে ২০২৪ চনৰ নবেম্বৰ-ডিচেম্বৰ মাহত শিৱসাগৰ জিলাত পাংগিং হৗৰাং কৗবাং কেন্দ্ৰীয় সমিতিৰ দ্বিতীয় বাৰ্ষিক সাধাৰণ অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি‌ শিৱসাগৰ জিলালৈ এই প্ৰস্তাৱ প্ৰেৰণ কৰে । সভাত কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা তুলচিৰাম পাংগিং,কৰনেশ্বৰ পাংগিং, ধৰসিং পাংগিং,কাৰ্যকৰী সভাপতি একলব্য পাংগিং, উপ সভাপতি দেৱানন্দ পাংগিং,সাহিত্য সম্পাদক কালিনাথ পাংগিং,বৃষ্টি পাংগিং,সাংগঠনিক সম্পাদক অমিৰঞ্জন পাংগিং,নিৰন পাংগিং,সাংস্কৃতিক সম্পাদক পৰেশ পাংগিং,হৗপপ পাংগিং,কোষাধ্যক্ষ নয়নতৰা পাংগিং ,ডা° প্ৰফুল্ল পাংগিং, কাৰ্যকৰী সদস্য অনিৰাম পাংগিং,মোহন পাংগিং,বলোৰাম পাংগিং,চন্দেশ্বৰ পাংগিং আদি কৰি বহু লোক উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in