ডিজিটেল সংবাদ,নামৰূপঃ ২২খন মহাবিদ্যালয় আৰু ৭৭জন প্ৰতিযোগীৰ অংশগ্ৰহনেৰে দুদিনীয়া কাৰ্যসূচীৰে নামৰূপ মহাবিদ্যালয়ত আন্তঃমহাবিদ্যালয় টাইকোৱাণ্ড প্ৰতিযোগীতা অনুষ্ঠিত হয়। প্ৰতিষ্ঠাপক অধ্যক্ষ ভৱ কোঁৱৰৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ আৰম্ভণি হয়। বন্তি প্ৰজ্বলন কৰে অধ্যক্ষ ড° দুৰ্গা প্ৰসাদ গগৈয়ে। তেওঁক সহযোগ কৰে প্ৰাক্তন ছাত্ৰ সমিতিৰ সম্পাদক নবীন বৰুৱা আৰু ছাত্ৰ একতা সভাৰ সদস্য সকলে।
মুঠ ২২ খন মহাবিদ্যালয়ৰ ৭৭ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে প্ৰতিযোগিতাত।অনুষ্ঠানটোৰ আঁত ধৰে উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক কাকলি বৰুৱাই। আৰম্ভণিতে অতিথিসকলক সম্বৰ্ধনা জনোৱা হয়।
অনুষ্ঠানত মহাবিদ্যালয় পৰিচালনা সমতিৰ সভাপতি নৰেন চাংমাই, অধ্যক্ষ ড° দুৰ্গা প্ৰসাদ গগৈ,উপাধ্যক্ষ ড° পদ্ম আৰ্চায,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰ্যবেশক তথা গোলাঘাট জিলা ক্ৰীয়া পৰিষদৰ বিষয়া বিমল চন্দ্ৰ গগৈ, নামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা ডিব্ৰু মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ জিতু বুঢ়াগোহাঁই,সমাজকৰ্মী মিনাৰাম চুতীয়া,ডিব্ৰুগড় বিশ্ববিদ্যালয় ক্ৰীড়া পৰিষদৰ বিপুল চেতিয়া, নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জ্যোতিপ্ৰসাদ কোঁৱৰ উপস্থিত থাকে।
আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে ড ° দুৰ্গা প্ৰসাদ গগৈ,নৰেন চাংমাইয়ে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পতাকা উত্তোলন কৰে বিমল চন্দ্ৰ গগৈয়ে আৰু নামৰূপ মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে পৰিচালনা সমিতিৰ সভাপতি নৰেন চাংমায়ে। সমান্তৰালভাবে মহাবিদ্যালয় সংগীত পৰিৱেশন কৰে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে। অধ্যক্ষ ড° দুৰ্গা প্ৰসাদ গগৈয়ে আদৰণি ভাষাণ প্ৰদান কৰি অংশগ্ৰহণ কাৰী সকলক শপত বাক্য পাঠ কৰায়।
পেৰেদৰ অভিবাদন গ্ৰহণ কৰে ড° জিতু বুঢ়াগোহাঁয়ে। লগতে বক্তব্যত তেওঁ নামৰূপ মহাবিদ্যালয়ত টাইকোৱাণ্ডো প্ৰতিযোগিতা আয়োজনৰ ইতিহাসৰ বিষয়ে ব্যক্ত কৰে। অনুষ্ঠানত নৃত্য প্ৰদৰ্শন কৰে একাদশ শ্ৰেণীৰ ছাত্ৰী সকলে। ইয়াৰ পিছতে টাইকোৱাণ্ডো প্ৰদৰ্শন কৰে নামৰূপ টাইকোৱাণ্ডো একাডেমিয়ে। অনুষ্ঠানত ছাত্ৰ একতাৰ সভাপতি/ সম্পাদকে আদৰণি জনাই বক্তব্য প্ৰদান কৰে। শলাগৰ শৰাই আগবঢ়াই ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক কল্যাণ গগৈয়ে। ইয়াৰ পিছতে আনুষ্ঠানিক ভাবে প্ৰতিযোগিতা আৰম্ভ হয়। কাইলৈ প্ৰতিযোগিতাৰ অন্ত পৰিব।
Also Read: জামুগুৰিহাটত ৭খনকৈ আঁচনি শুভ উদ্বোধন বিধায়ক পদ্ম হাজৰিকাৰ