ডিজিটেল ডেস্কঃ অইল ইণ্ডিয়া গেছ পৰিবাহী পাইপলাইনত পুনৰ সংঘটিত হৈছে এক অঘটন। প্ৰচণ্ড শব্দৰে গেছ পৰিবাহী পাইপ বিস্ফোৰিত হৈছে অহৰহ নিৰ্গমণ হৈছে প্ৰাকৃতিক গেছ।
এই ঘটনা সংঘটিত হৈছে দুলীয়াজানৰ মাজমজিয়াত। ঘটনা সংঘটিত হোৱাৰ পাছতে সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে ব্যাপক উত্তেজনা। আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ।
গেছ পৰিবাহী পাইপলাইন এইদৰে বিস্ফোৰিত হোৱাৰ লগতে অহৰহ গেছ নিৰ্গমণ হৈ থকাৰ বাবে যিকোনো মুহূৰ্তত অগ্নিকাণ্ড সংঘটিত হোৱাৰ আশংকা কৰা হৈছে। বাতৰি লিখাৰ সময়লৈকে পোৱা তথ্য অনুসৰি অইল কৰ্তৃপক্ষই গেছ নিৰ্গমণ বন্ধ কৰিবলৈ কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।
Also Read: মাতাল স্বামীয়ে পত্নীক বিবস্ত্ৰ কৰি চলালে নিৰ্যাতন