নামৰূপত শক্তি মন্ত্রীৰ প্ৰতিকৃতি দাহ

নামৰূপত শক্তি মন্ত্রীৰ প্ৰতিকৃতি দাহ

author-image
Asomiya Pratidin
New Update
নামৰূপত শক্তি মন্ত্রীৰ প্ৰতিকৃতি দাহ

ডিজিটেল সংবাদ, নামৰূপ: সঘন বিদ্যুৎ কৰ্তন আৰু বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ দাবীত মঙলবাৰে নামৰূপত শক্তি মন্ত্ৰী  নন্দিতা গাৰলোছাৰ প্ৰতিকৃতি দাহ কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নামৰূপ আঞ্চলিক সমিতিয়ে। নামৰূপ আঞ্চলিক সমিতিৰ  কৰ্মকৰ্তাসকলে নামঘৰ চাৰিআলিত শক্তিমন্ত্ৰীৰ  প্ৰতিকৃতি দাহ কৰাৰ লগতে  চৰকাৰ বিৰোধী শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। 

এই সন্দৰ্ভত যুৱ ছাত্ৰ পৰিষদ নামৰূপ আঞ্চলিক সমিতিৰ সভাপতি ধ্ৰুৱ গগৈয়ে কয় যে, বৰ্তমান অসমত সঘন বিদ্যুৎ কৰ্তনে প্ৰচণ্ড গৰমত ৰাইজক জ্বলা-কলা খুৱাইছে।   ইয়াৰ সমান্তৰালভাৱে শেহতীয়াকৈ বিদ্যুৎ মাচুল  বৃদ্ধি কৰি  ৰাইজক ৰাম টাঙোন সোধাইছে চৰকাৰে। ইফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যৰ বাবে   সাধাৰণ জনতাই   হাঁহাকাৰ কৰিছে।

অসম চৰকাৰক সমালোচনা কৰি সভাপতিগৰাকীয়ে  চৰকাৰে অতি শীঘ্ৰে বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ লগতে  মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে পদক্ষেপ  গ্ৰহণ কৰিবলৈ দাবী তোলে। লগতে  ৰাইজৰ দুৰ্দশাৰ প্ৰতি চৰকাৰে চকু দি বিদ্যুৎ নিয়মীয়া আৰু বিদ্যুৎ মাচুল হ্ৰাস নকৰিলে জংগী আন্দোলন কৰাৰ হুমকী  দিয়ে  যুৱ ছাত্ৰ পৰিষদৰ উপসভাপতি মানস জ্যোতি চাংমায়ে। মঙলবাৰে প্ৰতিবাদী কাৰ্যসূচীত নামৰূপ অঞ্চলিকৰ সাধাৰণ সম্পাদক প্ৰমুখ্যে কৰ্মকৰ্তা সকল উপস্থিত থাকে।

Also Read: বিদ্যুতৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদত উত্তাল ৰাজ্যৰ ৰাজপথ

POWER DEPARTMENT OF ASSSAM