ডিজিটেল সংবাদ,ডিব্ৰুগড়ঃ অসমৰ ভূমিত প্ৰৱেশ কৰি অৰুণাচলী লোকে দুজনকৈ অসমীয়া যুৱকক হত্যা কৰা প্ৰতিবাদত চাবুৱাত নিশা মটক যুৱ ছাত্ৰ সন্মিলনৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত পথ অৱৰোধ। দীৰ্ঘদিনৰ পৰা অসম আৰু সীমামূৰীয়া অৰুণাচল প্ৰদেশৰ সীমা বিবাদে বাৰুকৈয়ে জুৰুলা কৰিছে ৰাজ্যবাসীক।
অৰুণাচলী লোকে অসমৰ ভূমিত প্ৰৱেশ কৰি ৰাজ্যবাসীক অত্যাচাৰ কৰা ঘটনা এতিয়া আৰু নতুন হৈ থকা নাই। শেহতীয়াকৈ গোগামুখৰ ভূমিত অৰুণাচলী লোকে প্ৰৱেশ কৰি দুজনকৈ অসমীয়া যুৱকক হত্যা কৰাৰ লগতে তিনিজনকৈ যুৱকক অপহৰণ কৰি নিয়াৰ প্ৰতিবাদত চাবুৱাত নিশা মটক যুৱ ছাত্ৰ সন্মিলনে পথ অৱৰোধ কৰে।
সংগঠনটোৱো আক্ষেপ প্ৰকাশ কৰি উল্লেখ কৰে যে,এই ক্ষেত্ৰত নিৰ্লিপ্ত ভূমিকা অসম তথা অৰুণাচল দুই ৰাজ্যৰ চৰকাৰ তথা প্ৰশাসনৰ। সংগঠনটোৰ শতাধিক কৰ্মীয়ে এইদৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পথ অৱৰোধেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
আনহাতে অনাগত সময়ত অসমৰ চহা লোকৰ ওপৰত যদি অৰুণাচলী লোকৰ অত্যাচাৰ অব্যাহত থাকে তেন্তে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৰুণাচলী লোকৰ প্ৰৱেশ কৰিব নিদিয়াৰ হুংকাৰো প্ৰদান কৰে সংগঠনটোৱে।
Also Read: শালমৰা উঃ মাঃ বিদ্যালয়ৰ শিক্ষাগুৰু আৰু কৃতি ছাত্র-ছাত্ৰীক অভিনন্দন ও সম্বৰ্ধণা