ডিজিটেল ডেস্কঃ চুমি বৰা, বিশাল ফুকনে ট্ৰেডিঙৰ নামত মেলা প্ৰৱঞ্চনাৰ গোচৰটোত দ্বিতীয়বাৰৰ বাবে আৰক্ষীয়ে নিজৰ জিম্মাত লোৱাৰ পাছত এতিয়া আৰক্ষীয়ে এই গোচৰত অন্যান্য ব্যক্তিক সোধপোছ পৰ্ব আৰম্ভ কৰিছে। এই গোচৰতে ডিব্ৰুগড় আৰক্ষীয়ে বহু কেইজন ইউটিউবাৰ, কনটেণ্ট ক্ৰিয়েটৰক গোচৰটোৰ সংক্ৰান্তত সোধপোছ কৰিবলৈ তলব কৰিছে।
পূৰ্বৰ সাংবাদিক আৰু এতিয়াৰ ডিজিটেল ক্ৰিয়েটৰ তথা ইউটিউবাৰ চক্ৰপাণি পৰাশৰক আজি বিয়লি ৪ বজাত ডিব্ৰুগড় সদৰ থানাত হাজিৰ হ'বলৈ চমন জাৰি কৰিছিল ডিব্ৰুগড় আৰক্ষীয়ে। সেই অনুসৰিয়েই ডিব্ৰুগড়ত উপস্থিত হৈছে চক্ৰপাণি।
তেওঁৰ উপৰিও ইউটিউবাৰ তথা ডিজিটেল ক্ৰিয়েটৰ অৱয়ব ভূঞাকো তলব কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে। ইফালে পডকাষ্টৰ জৰিয়তে অন্ধ বিশ্বাসক প্ৰচাৰ, প্ৰসাৰত লিপ্ত থকাৰ অভিযোগ উঠা হিমাশ্ৰী শইকীয়াকো চুমি-বিশাল কাণ্ডৰ সেই একেটা গোচৰ সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীয়ে তলব কৰিছে।
আজি এই তিনিওৰে ভাষ্য গ্ৰহণ কৰিব আৰক্ষীয়ে। এই সংক্ৰান্তত অৱয়ব ভূঞাই তেওঁৰ সামাজিক মাধ্যমত লিখিছে- 'মোক অসম আৰক্ষীৰ চি আই ডিয়ে এবছৰৰ আগতে চুমি বৰাৰ সৈতে কৰা এটা পডকাষ্টৰ বাবে উপস্থিত হ'বলৈ কৈছিল। ডিব্ৰুগড়তো সেই একেটাই গোচৰ। মই আশা কৰো ইয়াৰ পিছত অভিযোগসমূহৰ জল্পনা-কল্পনাৰ সমাপ্তি ঘটিব।'
উল্লেখ্য যে, বিশাল ফুকন, চুমি বৰাৰ এই ট্ৰেডিঙৰ নামত কৰা প্ৰৱঞ্চনাৰ গোচৰত আৰু বহু কেইজন কনটেণ্ট ক্ৰিয়েটৰ, জ্যেষ্ঠ সাংবাদিককো চমন জাৰি কৰিব বুলি জানিব পৰা গৈছে। সমান্তৰালকৈ চুমি বৰাৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰক্ষা কৰা তথা চুমি বৰাৰ সৈতে ধনৰ লেনদেন কৰা ৰাজ্যৰ বহু কেইগৰাকী জনপ্ৰিয় অভিনেতা, অভিনেত্ৰী, গায়ক, গায়িকাকো সোধপোছৰ বাবে তলব কৰিব। ইতিমধ্যে চুমি, বিশালৰ সৈতে কেইবাজনো তেনে গায়ক, গায়িকা, অভিনেতা, অভিনেত্ৰীৰ নাম চৰ্চা হৈছে।
স্মৰ্তব্য, যোৱা ২৪ ছেপ্টেম্বৰত চুমি, বিশাল আৰু তাৰ্কিক বৰাক দ্বিতীয়বাৰৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল ন্যায়ালয়ে। ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষীৰ থানাত ৰুজু হৈ থকা ৮৫/২৪ নম্বৰ এক গোচৰ সম্পৰ্কত আৰক্ষীৰ আবেদন মৰ্মে ন্যায়ালয়ে বৰবৰুৱা আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে বিশাল ফুকন, চুমি বৰা আৰু তাৰ্কিক বৰাক। বৰবৰুৱা আৰক্ষী থানাৰ এই গোচৰ পাৰ্চেলিয়া কোম্পোনীৰ সংক্ৰান্তীয়।
পৰৱৰ্তী সময়ত এই দুদিনৰ ম্যাদ অন্ত পৰাত পুনৰ ৮ দিনৰ বাবে নিজৰ জিম্মাত আৰক্ষীয়ে তিনিওকে বিচাৰিছিল যদিও ন্যায়ালয়ে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ নকৰি তিনিওকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। তাৰ পাছতেই তিনিওকে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যোৱা হয়।
ইয়াৰ পূৰ্বে ডিব্ৰুগড় সদৰ থানাত ৰুজু হোৱা ৩৫২/২৪ নম্বৰত ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ৩১৬ আৰু ৩১৮ ৰ অধীনত তথা আনৰুগুলেটেড ডিপজিট স্কিম এক্টৰ ২১/২৩ ধাৰাত ৰুজু হোৱা এক গোচৰত প্ৰথমে তিনিওকে কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল।
এই দুয়োটা গোচৰতে চুমি, বিশাল আৰু তাৰ্কিক সোধপোছৰ পাছত এতিয়া আৰক্ষীয়ে এইসকলৰ সৈতে সম্পৰ্ক ধনৰ লেনদেনকে ধৰি বিভিন্ন ধৰণে সম্পৰ্ক ৰক্ষা কৰাসকলক গোচৰটোৰ সংক্ৰান্তত সোধপোছ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
Also Read: অধিক উত্তপ্ত হৈ উঠিছে মধ্যপ্ৰাচ্যঃ ইজৰাইলৰ ৰকেট আক্ৰমণত হিজবুল্লাহৰ মুৰব্বীৰ কন্যা নিহত...