যান বাহন আইন উলংঘাৰ ফলত টেঙাখাতত পথ দুৰ্ঘটনাত: আহত কেইবাজনো যাত্ৰী...

টেঙাখাত আৰক্ষী থানা অধীনৰ বৰপুল অঞ্চলত শনিবাৰে দিনৰ প্ৰায় ১ বজাত ট্ৰেভেলাৰ গাড়ী দুৰ্ঘটনাত পতিত হয়

author-image
Asomiya Pratidin
New Update
যান বাহন আইন উলংঘাৰ ফলত টেঙাখাতত পথ দুৰ্ঘটনাত: আহত কেইবাজনো যাত্ৰী...

ডিজিটেল সংবাদ, টেঙাখাত : টেঙাখাত আৰক্ষী থানা অধীনৰ বৰপুল অঞ্চলত শনিবাৰে দিনৰ প্ৰায় ১ বজাত এ এচ ০৬ এ চি - ৮৩৫৩ নম্বৰৰ ট্ৰেভেলাৰ গাড়ী দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাৰ ফলত কেইবাজনো যাত্ৰী আহত হোৱাৰ লগে লগে বিষয়টোক লৈ অঞ্চলটোত চৰ্চিত হৈছে। কিয়নো, যান বাহন আইন উলংঘা কৰি তীব্ৰ গতিত বাহন চলোৱাৰ লগতে অত্যাধিক যাত্ৰী উঠাই অনা আৰু গাড়ীৰ চালকে বাহন চলোৱাৰ সময়ত চাধা-তামোল খাই ম'বাইলত কথা পাতি অহাৰ ফলতে উক্ত দুৰ্ঘটনা সংঘটিত হোৱা বুলি যাত্ৰীসকলে জানিবলৈ দিয়ে ।

উল্লেখ্য ট্ৰেভেলাৰখনত বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসহ ৩৫ জনৰো অধিক যাত্ৰী আছিল। ডিব্ৰুগড় দিশৰ পৰা দুলিয়াজান অভিমুখে এল বি টি পথেৰে আহি থকাৰ সময়তে টেঙাখাত নগৰৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰৰ বৰপুল অঞ্চলৰ বেচিন নলাত সোমাই পৰে ট্ৰেভেলাৰখন। অৱশ্যে সৌভাগ্য ক্ৰমে কেৱল গাড়ীখনৰ সন্মুখ ভাগ পৰাৰ লগতে নলাত পানী কমকৈ থকাৰ বাবে যাত্ৰীসকলৰ প্ৰাণ ৰক্ষা পৰে।

ঘটনাত মনিষা ফুকন, সুস্মিতা গগৈ, কৰিণে ফ্ৰেংক, দেৱনতি উৰাং, পংকজ বৈদ্য, ৰাখী বৈদ্য, চলি ফ্ৰেংক, মিবি গগৈ, ৰোহন যাদৱ আদি কেইবাজনো যাত্ৰী আহত হয়। আহতসকলক টেঙাখাত আৰক্ষী থানাৰ আৰক্ষীৰ তৎপৰতাত টেঙাখাত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। সচেতন ৰাইজে যান-বাহন চালক পৰিচালকৰ ওপৰত যান-বাহন আইনৰ নিৰ্দিষ্ট নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিবলৈ কতৃপক্ষক আহ্বান জনাইছে ।

Also Read: পৰ্বত চাহ বাগিচাৰ মৈদামসমূহ পুৰাতত্ত্ব বিভাগক হস্তান্তৰ কৰাৰ অনুৰোধ...

Assam police