ৰাজ্যত বাট-পথৰ শোচনীয় অৱস্থা: টেঙাখাতৰ টিংৰাই চাৰিআলিৰ বাট-পথে জ্বলা-কলা খুৱাইছে ৰাইজক...

টিংৰাই চাৰিআলিৰ বৃহত্তৰ বজাৰ অঞ্চলত বোকা পানী আৰু প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ ফলত ছাত্ৰ-ছাত্ৰী, ৰাইজ তথা ব্যৱসায়ীৰ পানীত হাঁহ নচৰা অৱস্থা। স্থানীয় জনপ্ৰতিনিধিৰ নীৰৱ ভূমিকাত ক্ষোভিত ৰাইজ...
ৰাজ্যত বাট-পথৰ শোচনীয় অৱস্থা: টেঙাখাতৰ টিংৰাই চাৰিআলিৰ বাট-পথে জ্বলা-কলা খুৱাইছে ৰাইজক...
Published on
Updated on

ডিজিটেল সংবাদ, টেঙাখাত : ৰাজ্যৰ বাট-পথৰ শোচনীয় অৱস্থা। ডিব্ৰুগড় লোকসভা সমষ্টি, দুলিয়াজান বিধানসভা সমষ্টি তথা টেঙাখাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অধীনৰ টিংৰাই চাৰিআলিৰ মুখ্য দোকান-বজাৰ অঞ্চল, টিংৰাই আৰক্ষী চকী, বেংক-ডাকঘৰ, এ টি এম, সমবায় সমিতি আদি বিভিন্ন প্ৰতিষ্ঠান অৱস্থিত স্থানৰ আশে-পাশে দেখা গৈছে জৰাজীৰ্ণ অৱস্থা।

আলিৰ দাঁতিয়ে দাঁতিয়ে ফুটপাথৰ কাষত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈ বৃহৎ আকাৰৰ জলাশয় সদৃশ পানী জমা হোৱাৰ ফলত অঞ্চলটোৰ ব্যৱসায়ী গ্ৰাহক বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা সৰ্বসাধাৰণ সকলোশ্ৰেণী ৰাইজে ব্যাপক দুৰ্ভোগ-ভোগাৰ লগতে অনাকাংক্ষিত ক্ষয়-ক্ষতিৰ সন্মুখীন হৈ আহিব লগা হৈছে।

উল্লেখ্ৰ যে , উক্ত টিংৰাই চাৰিআলিৰ মাজেৰে দুলিয়াজান নামৰূপ নাহৰকটীয়া ডিব্ৰুগড় তিনিচুকীয়া আদিলৈ যোৱা সৰু ডাঙৰ সকলোশ্ৰেণী যান-বাহন চলাচল কৰাৰ ওপৰি বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী অহা যোৱা কৰা তথা ওচৰা ওচৰিকৈ থকা কেইবাটাও ইটা-ভাটা, শিলৰ কোৱাৰী, বালি পলসৰ ঘাট আদিৰ যান বাহন দিবা-নৈশ চলি থকাৰ হেতু উল্লেখিত কদৰ্য অংশবোৰ অধিক কদৰ্যলৈ গতি কৰিছে।

অন্যহাতে বহুঠাইত ফুটপথৰ পকী শ্লেপ ভাঙি বিপদজনক ফুটা অংশ থকাও পৰিলক্ষিত হয় । প্ৰণিধানযোগ্য যে, টিংৰাই চাৰিআলি অঞ্চলৰ মাজেদি স্থানীয় সাংসদ বিধায়ক তথা নিগম নিকায়ৰ প্ৰতিনিধিসকল সঘনাই অহা-যোৱা কৰি থকাৰ স্বত্তেও উল্লেখিত বিপদজনক কদৰ্যময় অৱস্থাৰ দূৰিকৰণৰ ব্যৱস্থা নকৰি চকুমুদা কুলিৰ ভাও ধৰাত সচেতন নাগৰিকে তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে ।

ৰাজ্যত বাট-পথৰ শোচনীয় অৱস্থা: টেঙাখাতৰ টিংৰাই চাৰিআলিৰ বাট-পথে জ্বলা-কলা খুৱাইছে ৰাইজক...
হঠাৎ মথাউৰি ছিঙি বাৰিষাৰ প্ৰথমটো বানত ডুবিল লখিমপুৰৰ কেইবাটাও অঞ্চল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in