ডিজিটেল সংবাদ, টেঙাখাতঃ সদ্যঘোষিত উচ্চ মাধ্যমিক শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ বৃহত্তৰ পানধোৱা গাঁৱৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক শুকুৰবাৰে সম্বৰ্ধনা জনোৱা হয়। সেই উপলক্ষে অনুষ্ঠিত সভাত সভাপতিত্ব কৰে টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ অশ্বিনী গগৈয়ে।
পানধোৱা সমাজ কল্যাণ পুথিভঁৰালৰ সভাপতি জয়ন্ত গগৈ, সম্পাদক শান্তনু গগৈৰ লগতে বিষয়ববীয়া সদস্য-সদস্যাই তত্বাৱধান কৰা সভাখনিৰ আঁত ধৰে জিতেন্দ্ৰ গগৈ আৰু শান্তনু গগৈয়ে। অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা শিক্ষক লক্ষীনাথ শৰ্মা, বৰ্তমানৰ অধ্যক্ষ একলব্য সোনোৱাল।
আনহাতে আমন্ত্ৰিত অতিথি হিচাবে তৰাজান চাহ বাগিছা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ কোঁৱৰ, আছু ডিব্ৰুগড় জিলা সমিতিৰ সাহিত্য সম্পাদক অৰ্জুন চেত্ৰী, এ জে ৱাই চি পিৰ কেন্দ্ৰীয় সদস্য পাৰ্থপ্ৰতীম কোঁৱৰ, সমাজকৰ্মী শৰৎ গগৈ উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি সাৰুৱা বক্তব্য প্ৰদান কৰে।
লগতে অভিভাৱকৰ হৈ জয়ন্ত গগৈ তথা দুগৰাকীমান ছাত্ৰ-ছাত্ৰীয়ে মনৰ ভাৱ ব্যক্ত কৰি বক্তব্য ৰখা উক্ত সভাত সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য জ্যোতিষ শইকীয়, এ জে ৱাই চি পিৰ টেঙাখাত আঞ্চলিক সমিতিৰ সম্পাদক নিশান্ত চমুৱা, পানধোৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মৰমী গগৈ, সাংবাদিক জয়ন্ত শইকীয়া, নৱকুমাৰ গগৈ, ৰূপম গগৈ ৰাজু সোনোৱাল, ডিম্বেশ্বৰ গগৈ, শিল্পী অচিন্ত ফুকন, মুকুল দাস তথা অভিভাৱক-শুভাকাংক্ষী ৰাইজ উপস্থিত আছিল।
পানধোৱা প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ এটি সমবেত সঙ্গীতেৰে আৰম্ভ কৰা সভাখনিৰ মাজতে ৰিদিশা গগৈয়ে আধুনিক গীত, দুৱৰী গগৈয়ে কবিতা আবৃত্তি, নিশিতা গগৈয়ে শাস্ত্ৰীয় নৃত্য পৰিবেশন কৰে। সভাৰ অন্তত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ ৪ গৰাকীক অভিনন্দন পত্ৰ, কিতাপ, কলম, কভাৰ ফাইলে; দ্বিতীয় বিভাগত উত্তীৰ্ণ ৯ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ ৪ গৰাকীক কভাৰ ফাইল কলমেৰে সম্বৰ্ধনা জনোৱা হয়।
লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ৫ গৰাকীক অভিনন্দন পত্ৰ, কিতাপ, কলম, কভাৰ ফাইলেৰে, দ্বিতীয় বিভাগত উত্তীৰ্ণ ৭ গৰাকীক কভাৰ ফাইল কলমেৰে, সৰ্বমুঠ ২৯গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।
Also Read: নলবাৰীত অনুষ্ঠিত হয় "বৰো ধান চপোৱা উৎসৱ"...