প্ৰশাসনৰ চকুত ধূলি : লেপেটকটাত চালানি মাছৰ ৰমৰমীয়া বেহা

প্ৰশাসনৰ চকুত ধূলি : লেপেটকটাত চালানি মাছৰ ৰমৰমীয়া বেহা

author-image
Asomiya Pratidin
New Update
প্ৰশাসনৰ চকুত ধূলি : লেপেটকটাত চালানি মাছৰ ৰমৰমীয়া বেহা

ডিজিটেল সংবাদ,ডিব্ৰুগড় : ডিব্ৰুগড় জিলাৰ বৰবৰুৱা আৰক্ষী থানাৰ অধীনৰ লেপেটকতা আৰু বঙালী গাঁৱত চালানি মাছৰ ৰমৰমীয়া বেহা। দম দমকৈ পেলাই দিয়া গেলা মাছৰ দুৰ্গন্ধৰ বাবে ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।

অভিযোগ অনুসৰি,জিলা প্ৰশাসনৰ অনুমতি নোলোৱাকৈ উক্ত স্থানত কেনেকৈ চালানি মাছৰ ৰমৰমীয়া বেহা চলাই গৈছে তাকে লৈ স্থানীয় ৰাইজৰ মাজত প্ৰশ্নৰ উদয় হৈছে।মাছৰ কাৰ্টুন আৰু গেলা মাছৰ দুৰ্গন্ধই ওচৰৰ ৰাইজৰ মাজত অস্বাস্থ্যকৰ পৰিবেশ গঢ়ি তোলাৰ অভিযোগ স্থানীয় ৰাইজৰ।

জানিব পৰা মতে, ডিব্ৰুগড় জিলা প্ৰশাসন আৰু প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডত এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছিল । কিন্তু আজিকোপতি জিলা প্ৰশাসনে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।

উক্ত ঘটনা সন্দৰ্ভত ৰাইজৰ আহ্বান মৰ্মে সাংবাদিকে বাতৰি সংগ্ৰহ কৰিবলৈ যায়। কিন্তু সংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আৰ্চাদ আলি নামৰ এগৰাকী ব্যক্তিয়ে নিজৰ ভুল স্বীকাৰ নকৰি প্ৰশাসনক আঙুলি টোঁৱাই পলায়নবাদী মনোভাব লোৱা পৰিলক্ষিত হয় বুলি জনায়।

Also Read: পিতৃ-মাতৃৰ সতে জলপান খাই উঠি ছাত্ৰৰ ৰহস্যজনক মৃত্যু

fish