কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণৱোলা ডিব্ৰুগড়ত শুভাৰম্ভ কৰিলে স্বচ্ছেতাই সেৱা অভিযান

চাফাই কৰ্মীৰ সৈতে মত বিনিময়
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণৱোলা ডিব্ৰুগড়ত শুভাৰম্ভ কৰিলে স্বচ্ছেতাই সেৱা অভিযান
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণৱোলা ডিব্ৰুগড়ত শুভাৰম্ভ কৰিলে স্বচ্ছেতাই সেৱা অভিযান
Published on
Updated on

ডিজিটেল সংবাদ ডিব্ৰুগড়ঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত 'সেৱা পখৱাড়া' অভিযানৰ অধীনত আয়োজিত স্বচ্ছতাৰ কার্যসূচীত অংশগ্রহণ কৰে। চহৰখনৰ অসামৰিক চিকিৎসালয়ত 'স্বচ্ছতাৰ বাবে জন অংশীদাৰ'ৰ অধীনত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি সোণোৱালে চাফাই কৰ্মচাৰী, চৰকাৰী কৰ্মচাৰী আৰু জনসাধাৰণৰ সৈতে মত বিনিময় কৰে আৰু এখন সুস্থ-সবল ভাৰত গঢ়াৰ অভিযানত সক্রিয় ভূমিকা ল'বলৈ সকলোকে আহ্বান জনায়।

তেওঁ নিজৰ ভাষণত কয়, "এখন সুস্থ-সবল সমাজ গঢ়ি তোলাৰ বাবে 'স্বচ্ছতা'ক আমি সকলোৱে দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে আঁকোৱালি ল'ব লাগিব। আমাৰ চাৰিওফালৰ পৰিৱেশ স্বচ্ছ কৰি ৰখাৰ বাবে আমি প্ৰতিগৰাকী নাগৰিক দায়বদ্ধ আৰু সংকল্পবদ্ধ হওঁ আহক"।

তদুপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি ডিব্ৰুগড় পৌৰ নিগম আৰু চাবুৱা, তিনিচুকীয়া, মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম, নাহৰকটীয়া আৰু নামৰূপৰ বিভিন্ন পৌৰসভাৰ অধীনত কাম কৰা চাফাই কৰ্মচাৰীসকলৰ সুবিধাৰ বাবে ডিব্ৰুগড়ৰ চৌকিডিঙ্গি খেলপথাৰত 'চাফাই মিত্ৰ সুৰক্ষা শিবিৰ'ৰ শুভ উদ্বোধন কৰে। কেইবা শতাধিক চাফাই কৰ্মচাৰীয়ে অনুষ্ঠানটোত অংশগ্রহণ কৰে আৰু সোণোৱালে তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰে।

চৰকাৰে চাফাই কৰ্মীসকলৰ সুবিধার্থে সকলো প্রয়োজনীয় পদক্ষেপ ল'ব বুলি সোণোৱালে আশ্বাস দিয়ে যাতে তেওঁলোকে চৰকাৰী কল্যাণমূলক আঁচনিসমূহৰ সুবিধা লাভ কৰি তেওঁলোকৰ আৰ্থ-সামাজিক সুৰক্ষা নিশ্চিত কৰিব পাৰে। উক্ত শিবিৰত চাফাই কৰ্মীসকলৰ বাবে স্বাস্থ্য পৰীক্ষাকে ধৰি বিভিন্ন কল্যাণকামী ব্যৱস্থা অন্তর্ভুক্ত কৰা হৈছে।

তদুপৰি সৰ্বানন্দ সোণোৱালে আজি উপস্থিত ৰাইজৰ সৈতে স্বচ্ছতাৰ শপতগ্ৰহণ কৰে। এই শপতগ্ৰহণৰ অংশ হিচাপে সোণোৱালে উল্লেখ কৰে, "মহাত্মা গান্ধীয়ে স্বাধীনতাৰ উপৰি এখন স্বচ্ছ আৰু বিকশিত ভাৰতৰো সপোন ৰচিছিল। গান্ধীজীৰ আদৰ্শেৰে অপৰিচ্ছন্নতাক আঁতৰ কৰি ভাৰত মাতাক সেৱা কৰাটো আমাৰ কৰ্তব্য। আমি শপতগ্ৰহণ কৰি কওঁ যে আমি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি সদায় দায়বদ্ধ হৈ থাকিম। আমি প্রত্যেকেই প্ৰতি বছৰে ১০০ ঘণ্টা অর্থাৎ প্রতি সপ্তাহত ২ ঘণ্টাকৈ শ্রমদান কৰিম। পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দিশত আমাৰ একোটি পদক্ষেপে সমগ্র দেশক স্বচ্ছ কৰাত সহায় কৰিব।"

অনুষ্ঠানত ভাষণ প্রদান কৰি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, "স্বচ্ছ ভাৰত অভিযান হৈছে দেশৰ এক অন্যতম গুৰুত্বপূৰ্ণ আৰু জনপ্রিয় আন্দোলন, যি মাননীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত সফলতাৰে চলি আহিছে। এখন শক্তিশালী, সুস্থ-সবল আৰু স্বচ্ছ ভাৰত গঢ়াৰ দিশত দেশবাসীয়ে এই আন্দোলনত সক্রিয় অংশগ্রহণ কৰিছে। মহাত্মা গান্ধীজীৰ আদৰ্শ আৰু আহ্বানৰ দ্বাৰা অনুপ্রাণিত হৈ দূৰদৰ্শী নেতা নৰেন্দ্ৰ মোদী

ডাঙৰীয়াই এক দশকৰ আগতে এই অভিযান আৰম্ভ কৰিছিল, যাৰ সফলতাই সামৰি লৈছে সৰ্বস্তৰৰ লোকক। এই বছৰো 'সেৱা পখৱাড়া'ৰ অংশ হিচাপে আমি 'স্বচ্ছতাই সেৱা' শীর্ষক বিষয়বস্তু উদযাপন কৰি আছোঁ। এই প্রচেষ্টাত আমাৰ সমাজৰ এক গুৰুত্বপূৰ্ণ অংশ হৈছে আমাৰ চাফাই কৰ্মচাৰীসকল, যিয়ে এই দিশত নিৰন্তৰ কাম কৰি আহিছে।

এখন স্বচ্ছ ভাৰত গঢ়াৰ দিশত চাফাই কর্মীসকল হৈছে চালিকাশক্তি। দেশজুৰি চলিত 'সেৱা পখৱাড়া' অভিযানৰ অংশ হিচাপে আজি ডিব্ৰুগড়ৰ চৌকিডিঙ্গি খেলপথাৰত চাফাই মিত্ৰ সুৰক্ষা শিবিৰৰ শুভ উদ্বোধন কৰি আপ্লুত হ'লোঁ। নগৰ-চহৰ সদায় পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাত সবল ভূমিকা লৈ অহা চাফাই কৰ্মীসকলৰ সৈতে আজি মত বিনিময় কৰি আনন্দিত হৈছোঁ।

তেওঁলোকেই সমাজৰ প্ৰকৃত নায়ক-নায়িকা। স্বচ্ছতাৰ ক্ষেত্ৰত তেওঁলোকৰ নিৰলস প্ৰচেষ্টাৰ শলাগ লৈছোঁ। মাননীয় প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ৰূপায়িত 'স্বচ্ছ ভাৰত অভিযান' জনস্বাস্থ্যৰ বাবে এক মাইলৰ খুঁটি। এই জনকল্যাণকামী পদক্ষেপৰ ফলত বিগত ১০ বছৰত ৬০,০০০তকৈও অধিক নৱজাতকৰ মৃত্যু ৰোধ হৈছে। মহাত্মা গান্ধীৰ আদৰ্শক সাৰোগত কৰি ভাৰতক সুস্থ-সবল আৰু স্বচ্ছ কৰি তোলাত সক্রিয় ভূমিকা পালন কৰিবলৈ প্ৰতিগৰাকী নাগৰিককে এইছেগতে আহ্বান জনাইছোঁ।"

যোৱা বছৰ স্বচ্ছতাই সেৱা অভিযানত ১৫ কোটিতকৈও অধিক নাগৰিকে শ্রমদান কৰিছিল আৰু ৩২ কোটি লোকে স্বচ্ছতাৰ অভিযানত অংশগ্রহণ কৰিছিল। এইবাৰৰ কার্যসূচীত কোৱা হৈছে যে- 'স্বভাৱ স্বচ্ছতা, সংস্কাৰ স্বচ্ছতা'। অৰ্থাৎ আমি আমাৰ ক্রুটিপূর্ণ স্বভাৱ বা আচৰণকহে প্ৰথমে সংস্কাৰ কৰিব লাগিব। তেহে দেশৰ স্বচ্ছতাৰ অভিযানে প্রকৃত সফলতাৰ মুখ দেখিব।

এখন স্বচ্ছ আৰু সুস্থ-সবল ভাৰত গঢ়াৰ বাবেই মাননীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদর্শী নেতৃত্বত ১১ কোটিতকৈও অধিক শৌচালয় নির্মাণ হৈছে। অনাময়ৰ যতন ভালদৰে লোৱাৰ ফলত মানুহৰ মাজত ৰোগৰ প্ৰাদুৰ্ভাৱ কমিছে। সেয়েহে শৌচালয়বোৰৰ নাম দিয়া হৈছে ঈজ্জ্বত ঘৰ।

এই অনুষ্ঠানত লগতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰীদ্বয় সঞ্জয় কিষাণ আৰু যোগেন মহন, সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক প্রশান্ত ফুকন আৰু বিনোদ হাজৰিকা, অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ চৈকত পাত্র, উপ- মেয়ৰ উজ্জ্বল ফুকন, ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধ্যক্ষ বিজয় কুমাৰ, অসম পেট্র'- কেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, জিলা আয়ুক্ত বিক্রম কৈৰী, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা প্ৰমুখ্যে কেইবাখনো পৌৰসভাৰ পৌৰপতিসকল আৰু গণ্য-মান্য ব্যক্তিসকল।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণৱোলা ডিব্ৰুগড়ত শুভাৰম্ভ কৰিলে স্বচ্ছেতাই সেৱা অভিযান
উৎকট গৰম: নগাঁৱতো বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in