ডিজিটেল সংবাদ, টেঙাগাত: পাৰিজাত ফুকনৰ সভাপতিত্বত আজি টেঙাখাত অগ্ৰগামী সংঘৰ প্ৰাঙ্গনত বীৰ লাচিত সেনাৰ এখন বিশেষ জৰুৰী বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।
উক্ত সভাখনি ডিব্ৰুগড় জিলাৰ বীৰ লাচিত সেনাৰ তৎপৰতাত তথা সভাত পৰ্যবেক্ষক হিচাপে আৰু অনুপ্ৰেৰণা যোগাবলৈ বীৰ লাচিত সেনা ডিব্ৰুগড় জিলা সমিতিৰ মুখ্য সচিব প্ৰাণজিৎ গগৈ, যুটীয়া সচিব পল্লৱ দুৱৰা, মুখ্য সাংগঠনিক সচিব ৰিন্তু দত্ত, প্ৰচাৰ সচিব ভবেন সোণোৱাল, মুখ্য উপদেষ্টা হিৰণ্য ফুকনৰ লগতে দুলিয়াজান আঞ্চলিক সমিতিৰ মুখ্য সচিব প্ৰদীপ বড়া, নামৰূপ আঞ্চলিকৰ মুখ্য সচিব ৰাজমনী বড়ো, লেঙেৰী আঞ্চলিকৰ মুখ্য সচিব বুধিন লাহন আদি উপস্থিত থাকি সাংগঠনিক দিশত পৰামৰ্শ আৰু স্পৰ্শকাতৰ বিষয়ক লৈ আলোচনা কৰে।
উক্ত সভাতে দিব্যজ্যোতি গগৈক ভাৰপ্ৰাপ্ত সভাপতি, ত্ৰৈলোক্য ফুকনক মুখ্য সচিব হিচাপে লৈ ৫১ জনীয়া বীৰ লাচিত সেনা টেঙাখাত আঞ্চলিক সমিতি গঠন কৰা হয়। পাছত নতুন সমিতিৰ বিষয়ববীয়াক ডিব্ৰুগড় জিলা সমিতিৰ মুখ্য সচিব প্ৰাণজিং গগৈয়ে শপত বাক্য পাঠ কৰোৱায়।
ডিব্ৰুগড় জিলাৰ মুখ্য সচিব প্ৰাণজিৎ গগৈয়ে কাইলৈৰ পৰা টেঙাখাত অঞ্চলৰ সকলো দোকান ব্যৱসায়ীক প্ৰতিষ্ঠান আদিত অসমীয়া ভাষাৰ নাম ফলক লগোৱাৰ অভিযান চলোৱাৰ লগতে অমমীয়াৰ স্বাভিমান ৰক্ষাৰ অন্যান্য ধাৰাবাহিক কাৰ্যসূচী ৰূপায়নৰ সম্পৰ্কে সাংবাদিকৰ আগত অৱগত কৰে।
Also Read: চামগুৰিৰ উপ নিৰ্বাচনৰ সন্দৰ্ভত পৰ্যবেক্ষকৰ সৈতে সংবাদ কৰ্মী আৰু ৰাজনৈতিক দলৰ সভা