টেঙাখাত মহাবিদ্যালয়ৰ অনুষ্ঠানত দিগন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ভাষণ

টেঙাখাত মহাবিদ্যালয়ৰ অনুষ্ঠানত দিগন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ভাষণ
Published on
Updated on

ডিজিটেল সংবাদ,টেঙাখাত : "মানুহ হ'বলৈ হ'লে মানুহৰ জীৱনৰ লক্ষ্য থাকিব লাগিব। যি লক্ষ্য আপুনি নিৰ্ধাৰণ কৰিব লাগিব।" "লক্ষ্য যদি নীচ হয় তেন্তে মোৰ লক্ষ্যও নীচ হ'ব,লক্ষ্য যদি নিম্ন মানদণ্ডৰ হয় তেন্তে মোৰ লক্ষ্যও নিম্ন মানদণ্ডৰ হ'ব আৰু লক্ষ্য যদি সৰু হয় তেন্তে মোৰ লক্ষ্যও সৰু হ'ব ।

টেঙাখাতত নিৰ্দিষ্ট বক্তাৰ বক্তব্যত এনেদৰে কয় দিগন্ত বিশ্ব শৰ্মাই। টেঙাখাত মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰ্ণায়ক কমিটি আৰু মহিলা কোষৰ উদ্যোগত বুধবাৰে মহাবিদ্যালয় কক্ষত "জীৱনৰ লক্ষ্য আৰু ব্যক্তিত্বৰ পৰিপূৰ্ণতা" শীৰ্ষক বিষয়ৰ সন্দৰ্ভত এক বিশেষ বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰে সাহিত্য একাডেমীৰ সাধাৰণ পৰিষদৰ সদস্য তথা ২০২০ বৰ্ষৰ সন্মানীয় অনুবাদ বঁটা প্ৰাপক আৰু ২০২২ বৰ্ষৰ ড° মইদুল ইছলাম বৰাৰ সাহিত্যিক বঁটা প্ৰাপক দিগন্ত বিশ্ব শৰ্মাই।

সাহিত্যিক শৰ্মাই শীৰ্ষক বিষয়ত ৰামকৃষ্ণ পৰম হংস,স্বামী বিবেকানন্দ,মহৰ্ষি অৰবিন্দ আদি দাৰ্শনিক মহামনিষীৰ কৰ্মৰাজী আদৰ্শ ,পুৰাণৰ আদৰ্শমূলক সাধু ,উপনিষদৰ তাত্বিক প্ৰবন্ধ আদিৰ নিৰ্দিষ্ট চৰিত্ৰ ব্যাখ্যাৰে বক্তব্য প্ৰদান কৰে। টেঙাখাত মহাবিদ্যালয়ৰ প্ৰবক্তা তথা আভ্যন্তৰীণ মাননিৰ্ণায়ক কমিটিৰ সদস্যা সোণালী চেতিয়াই অনুষ্ঠানৰ আঁত ধৰে।

ইয়াৰোপৰি মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ যতীন্দ্ৰনাথ গগৈয়ে আদৰণি ভাষণ প্ৰদান কৰে। অনুষ্ঠানত মহাবিদ্যালয়খনৰ একাংশ প্ৰবক্তা ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে সংবাদকৰ্মী উপস্থিত থাকে। বিশেষ বক্তৃতা অনুষ্ঠানত দিগন্ত বিশ্ব শৰ্মাই বক্তব্যৰ আৰম্ভণিতে কয় যে,অসমৰ বহু বঁটা-বাহন প্ৰাপ্ত পুৰোধা ব্যক্তি আছিল আৰু আছে কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালাই কোৱা "তোৰে মোৰে আলোকৰ যাত্ৰা,অব্যৰ্থ- অব্যৰ্থ আমি পালো জীৱনৰ অৰ্থ অভিনৱ..." বিষয়ত মূল্যায়ন কৰি অগ্ৰহৰ হোৱা পৰিলক্ষিত হোৱা নাই।

তেওঁ উল্লেখিত জ্যোতিপ্ৰসাদৰ গীতৰ পংক্তিৰ অৰ্থ সাৰোগত কৰি বিভিন্ন ধৰণে অগ্ৰসৰ হ'বলৈ প্ৰয়াস কৰাৰ অংশস্বৰূপে আজিৰ বক্তৃতাত অংশগ্ৰহণ কৰা বুলি মত প্ৰকাশ কৰে। তেওঁ জীৱন মানে কি তাকেলৈ বংগৰ কবি ৰামপ্ৰসাদ সেনৰ নিৰ্দিষ্ট তাত্বিক পংক্তিৰ ব্যাখ্যা কৰাৰ লগতে কবিগৰাকীৰ তত্বগধূৰ লিখনি অনুবাদ কৰিয়েই অনুবাদ বঁটা লাভ কৰিছিল বুলি উল্লেখ কৰে।

তেওঁ বিশ্বৰ মহাকাশচাৰীসকলে মহাকাশৰ ৰহস্য উদঘাটন তথা মানৱকল্যাণৰ অৰ্থে ধাৰাবাহিক মহাকাশ অভিযান অব্যাহত ৰাখিছে যদিও মানুহক আজি পৰ্যন্ত প্ৰেম,জ্ঞান, আনন্দ, একতা শক্তি আৰু জীৱন দিব পৰা নাই বুলি উল্লেখ কৰি জীৱন মানে কি তাক ব্যাখ্যা কৰে। মানুহে অদ্যপৰিমিত জীৱন মানে কেঁচা পট্টাক পকা পট্টালৈ পৰিবৰ্তন কৰাৰ দৰে কাৰ্যত ব্ৰতী হৈ অহাৰ দৰে বুলি ব্যাখ্য কৰে।

ইফালে বক্তব্যত তেওঁ বিকশিত কৰিবলৈ গৈ মানুহে কেৱল সৱলীকৰণ কৰাৰ পৰিবৰ্তে ভিতৰৰ পৰা সবলীকৰণ কৰাৰ ব্যৱস্থা নকৰাত আক্ষেপেৰে কয় যে ,"সমাজ ব্যৱস্থা তথা বিশ্ববিদ্যালয় অনুদান আয়োগে প্ৰতাৰণা কৰি অহাৰ বাবে আজি আমি কেৱল চাৰ্টিফিকেট লোৱা তথা চাকৰি বিচাৰি মন্ত্ৰী বিধায়কৰ পিছে পিছে ঘূৰি ফুৰাত ব্ৰতী হ'ব লগা হৈছে। কিন্তু নিজকে প্ৰতিষ্ঠা কৰা প্ৰকৃতিপ্ৰেমী তথা যিগৰাকীয়ে মৰুভূমিক অৰণ্যভূমিলৈ পৰিবৰ্তন কৰি মহৎ কাৰ্যৰে জীৱকুলক ৰক্ষা কৰাত অৰিহণা যোগাইছে সেই সৰ্বপৰিচিত ব্যক্তি যাদৱ পায়েঙৰ কোনো বিশ্ববিদ্যালয়ৰ ডিগ্ৰী নাই।"

সাৰুৱা তথা তাত্বিক বক্তব্যত দিগন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰে যে,"জীৱনৰ লক্ষ্য আৰু ব্যক্তিত্বৰ পৰিপূৰ্ণতাৰ বাবে কৰ্মজীৱন অৰ্থ সন্তুষ্টি প্ৰভূত্বৰ ওপৰি সাহস,উদাৰতা,সততা, অধ্যাৱসায়, প্ৰগতি আৰু কৃতজ্ঞতাবোধ একান্তই আৱশ্যক।"

টেঙাখাত মহাবিদ্যালয়ৰ অনুষ্ঠানত দিগন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ভাষণ
ধন দাবীৰ অভিযোগ: SI দ্বীপজ্যোতি কাকতিক নিলম্বন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in