বিহালীৰ ৰাজনীতিত 'অন্ত' যুগ : সমষ্টিটোৰ প্ৰাৰ্থী দিগন্ত-জয়ন্ত-অনন্ত-লক্ষীকান্ত

বিহালীৰ ৰাজনীতিত 'অন্ত' যুগ : সমষ্টিটোৰ প্ৰাৰ্থী দিগন্ত-জয়ন্ত-অনন্ত-লক্ষীকান্ত
Published on
Updated on

ডিজিটেল সংবাদ, বিহালী : শুকুৰবাৰে ৭৭ নং বিহালী উপ নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে শাসকীয় দল বিজেপি মনোনীত প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰ, বিৰোধী কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বৰা, চিপিআই(এম-এল) দলৰ মনোনীত লক্ষীকান্ত কূৰ্মী আৰু আম আদমী পাৰ্টীৰ অনন্ত গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰে ৷ বিহালীত উপ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীসকলৰ মাজত দেখা গৈছে এক উমৈহতীয়া মিল ৷

আপত দৃষ্টিত বিহালী উপ নিৰ্বাচনৰ প্ৰাৰ্থী চাৰি গৰাকীৰ কোনো আদৰ্শ-মতাদৰ্শ, দৈহিক গঠন ,ৰাজনৈতিক চিন্তা, সামাজিক দ্বায়ৱদ্ধতা, ব্যক্তিত্ব মিল নাই যদিও চাৰি গৰাকী প্ৰাৰ্থীৰ মাজত এক বিশেষ মিল আছে ৷ আনহাতে তেওঁলোকৰ ৰাজনৈতিক দৰ্শন হ'ল ৰাষ্ট্ৰীয়তাবাদ ৷

বিহালীত নাই কোনো আঞ্চলিকতাবাদত বিশ্বাসী ৰাজনীতিক ৷ বিহালী উপ নিৰ্বাচনত কোনো এগৰাকী আঞ্চলিকতাবাদত বিশ্বাসী কোনো প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ি অহা পৰিলক্ষিত নহ'ল ৷

তদুপৰি বিহালী উপ নিৰ্বাচনত চাৰি ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীকেইগৰাকীৰ প্ৰতিজনৰ নামৰ পিছত আছে 'অন্ত' প্ৰত্যয় ৷ বিহালী উপ নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ নাম ক্ৰমে- বিজেপিৰ দিগন্ত, কংগ্ৰেছৰ জয়ন্ত, আপ অসমৰ অনন্ত আৰু চিপিআই(এম-এল) দলৰ পৰা লক্ষীকান্তই প্ৰতিদ্বন্দ্বিতা কৰিছে ৷

বিহালীৰ ৰাজনীতিত 'অন্ত' যুগ : সমষ্টিটোৰ প্ৰাৰ্থী দিগন্ত-জয়ন্ত-অনন্ত-লক্ষীকান্ত
বিধায়ক নৱ দলেৰ ঘৰত ন্যায় বিচাৰি শ শ গঞা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in