ডিজিটেল ডেস্কঃ ডিগবৈৰ অসম ঔদ্যোগিক সুৰক্ষা বাহিনীৰ কেম্পত অঘটন। সতীৰ্থৰ গুলীত নিহত হয় এজন। মঙলবাৰে সংঘটিত হয় এই ঘটনা।
বিমল ওৰাং নামৰ জোৱানজনক গুলীয়াই হত্যা কৰে সতীৰ্থই। জোৱান উদেশ মাঝিৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হৈছে। মুলিয়াবাৰীৰ কেম্পত এই ঘটনা সংঘটিত হৈছে।
ঘটনাৰ পাছতেই আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে উদেশ মাঝিক। কি কাৰণে এই হত্যাকাণ্ড সংঘটিত কৰিলে উদেশ মাঝিয়ে এতিয়ালৈকে জানিব পৰা নাই। মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
Also Read: মাৰ্কিন ৰাষ্ট্ৰপতিৰ প্ৰথম অসমীয়া ইনোভেচন ফেল' হিচাপে শপত গ্ৰহণ ৰূপম শৰ্মাৰ