অসম আন্দোলনৰ অগ্ৰণী নেতা, অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত উপ-আৰক্ষী অধীক্ষক দিলীপ শৰ্মাৰ মৃত্যু

অসম আন্দোলনৰ অগ্ৰণী নেতা, অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত উপ আৰক্ষী অধীক্ষক দিলীপ শৰ্মাৰ মৃত্যু

author-image
Asomiya Pratidin
New Update
অসম আন্দোলনৰ অগ্ৰণী নেতা, অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত উপ-আৰক্ষী অধীক্ষক দিলীপ শৰ্মাৰ মৃত্যু

ডিজিটেল সংবাদ, ছয়দুৱাৰ:গহপুৰ মহকুমাৰ গহপুৰ পৌৰসভাৰ অন্তৰ্গত ধেনুধৰা নিবাসী, অৱসৰপ্ৰাপ্ত উপ আৰক্ষী অধীক্ষক দিলীপ শৰ্মা আৰু নাই।হৃদৰোগত আক্ৰান্ত হৈ শনিবাৰে নিশা প্ৰায় ৯-৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।

জানিব পৰামতে কালি নিশা প্ৰায় ৯ বজাত হঠাতে বুকুৰ বিষত আক্ৰান্ত হৈ অসুস্থ হৈ পৰে দিলীপ শৰ্মা।পৰিয়ালৰ লোকে তেওঁক লগে লগে চিকিৎসাৰ বাবে লৈ আনে গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ।কিন্তু গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়ত তেওঁক প্ৰয়োজনীয় চিকিৎসা দিব পৰাকৈ কোনো ধৰণৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা নথকাত বাহিৰে বাহিৰে লৈ যোৱা হয় বৰগাঙৰ কেথলিক মিছন চিকিৎসালয়লৈ।

কিন্তু দুৰ্ভাগ্যজনকভাৱে কেথলিক মিছন চিকিৎসালয় পোৱাৰ পূৰ্বে আদবাটতে মৃত্যু হয় দিলীপ শৰ্মাৰ।সকলোৰে প্ৰিয়ভাজন তথা সহজ-সৰল মনৰ অধিকাৰী ব্যক্তি হিচাপে সুপৰিচিত দিলীপ শৰ্মাৰ আকস্মিক মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে সমগ্ৰ গহপুৰত।তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অগণন গুণমুগ্ধ, শুভাকাংখী,স্থানীয় ৰাইজৰ লগতে আত্মীয় স্বজন তেওঁৰ ধেনুধৰাৰ বাসগৃহত সমবেত হৈ তেওঁৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা নিবেদন কৰে।অসম আন্দোলনৰ অগ্ৰণী নেতা আছিল প্ৰয়াত দিলীপ শৰ্মা।

সেই সময়ত তেওঁ কাৰবাসো খাটিবলগীয়া হৈছিল।অসম আন্দোলনৰ সময়ত পুলিচৰ নিৰ্যাতনৰ সন্মুখীন হোৱাৰ পিছতো আন্দোলনৰ ধাৰাক আগুৱাই লৈ গৈছিল দিলীপ শৰ্মাই। জাতি প্ৰেম আৰু দেশ প্ৰেমৰ বাণীৰে উদ্বুদ্ধ দিলীপ শৰ্মা ৮০ দশকত ছাত্ৰ অৱস্থাত অবিভক্ত ছয়দুৱাৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতিৰ দৰে গুৰু দায়িত্ব বহন কৰিছিল।

দিলীপ শৰ্মাই অসম বিধান সভাৰ নিৰ্বাচনত গহপুৰ সমষ্টিৰ পৰা ১৯৮৫ চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল।মৃত্যুৰ সময়ত তেওঁ পত্নী, এগৰাকী পুত্ৰ, দুগৰাকী বিবাহিতা জীয়ৰী, দুগৰাকী জোঁৱাই আৰু নাতি-নাতিনীৰ লগতে বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে।দিলীপ শৰ্মা প্ৰতিষ্ঠিত যুৱ সাংবাদিক চক্ৰপানি পৰাশৰৰ শহুৰেক।তেওঁৰ মৃত্যুত আজুৰ গহপুৰ মহকুমা সাংবাদিক সন্থা, গহপুৰ মহকুমা ছাত্র সন্থা, বিশ্বনাথ জিলা ছাত্র সন্থা,পশ্চিম ছয়দুৱাৰ আঞ্চলিক ছাত্র সন্থা, বিশ্বনাথ জিলা অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ, গহপুৰ ব্যৱসায়ী সন্থা, গহপুৰ মহকুমা প্ৰেছ গীল্ড,অগপৰ গহপুৰ জিলা সমিতি,হেলেম প্ৰেছ ক্লাৱ আদি বিভিন্ন দল সংগঠন আৰু ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

অসমৰ বিভিন্ন আৰক্ষী থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে কাৰ্য্যনিৰ্বাহ কৰাৰ পিছত আৰক্ষী চক্ৰ পৰিদৰ্শক পদলৈ তেওঁ পদোন্নতি লাভ কৰে।ইয়াৰ পিছত তেওঁ উপ আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি লাভ কৰি উক্ত পদত কাৰ্য্যনিৰ্বাহ কৰাৰ পিছত ২০২২ চনৰ জুলাই মাহত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।এগৰাকী সৎ আৰু নিষ্ঠাবান আৰক্ষী বিষয়া হিচাপে সুনাম থকা দিলীপ শৰ্মাৰ বিয়োগত অসম আৰক্ষীৰ মাজতো গভীৰ শোকৰ ছাঁ পৰিছে।শোণিতপুৰ জিলাৰ জামুগুৰীত থকা দ্বাদশ অসম আৰক্ষী ছাউনীৰ পৰা তেওঁ উপ আৰক্ষী অধীক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।

Also Read: বশিষ্ঠত গছ বাগৰি সম্পূৰ্ণৰূপে ধ্বংস প্ৰায় ৫০ বছৰীয়া কালী মন্দিৰ...

Assam police