ডিজিটেল ডেস্কঃ ২০০৭ চনতেই সংঘটিত এক হত্যাকাণ্ড। উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী দেবলাল গাৰ্লোছাৰ বিৰুদ্ধে উত্থাপন হৈছিল এক গুৰুত্বপূৰ্ণ অভিযোগ।
সেই বছৰৰ ২৭ এপ্ৰিলত গেৰে বস্তিত হত্যা কৰা হৈছিল অসম আৰক্ষীৰ এজন জোৱানক। জোৱানজনৰ নাম আছিল-হবিবুৰ ৰহমান।
অভিযোগ অনুসৰি এতিয়াৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ এম এ চি প্ৰফুল্ল ফংলোৱে আন এজন এম এ চি ভদ্ৰমণি লাংথাছাৰ পি এছ অ’ হাবিবুৰ ৰহমানক লৈ গৈছিল গেৰে বস্তিলৈ। সেই সময়ৰ ডি এইচ ডি জুৱেল গোটৰ তেতিয়াৰ উপ-মুখ্য সেনাধ্যক্ষ ডেনিয়েল ডিমাচা ওৰফে এতিয়াৰ উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দেবলাল গাৰ্লোছাক ৫০ লাখ টকা আদায় দিবলৈ গৈছিল।
ধন আদায় লৈ ডেনিয়েল ওৰফে দেবলালে পি এছ অ’ হাবিবুৰ ৰহমানৰ চাৰ্ভছ মাৰণস্ত্ৰটো দাবী কৰিছিল। ৰহমানে মাৰণাস্ত্ৰটো দিবলৈ অস্বীকাৰ কৰাত হাবিবুৰ ৰহমানক গুলিয়াই ডেনিয়েলে তেওঁৰ মাৰণাস্ত্ৰটো কাঢ়ি লৈছিল।
এই ঘটনাৰ সন্দৰ্ভত ডিয়ুংমুখ আৰক্ষী থানাত এম এ চি প্ৰফুল্ল ফংলোৱে লৈ যোৱা চুম’ গাড়ীখনৰ চালক বিকাশ থাউচেঙে এখন এজাহাৰ দাখিল কৰিছিল। বৰ্তমান এই গোচৰ চূড়ান্ত পৰ্যায়ত আছে গুৱাহাটী উচ্চ ন্যায়ালয়ত।
এই গোচৰৰে এজন ৰাজসাক্ষী মিপুত ৰাজিয়িং ওৰফে এন ডিমাচাই উক্ত হত্যাকাণ্ড দেবলালে সংঘটিত কৰা বুলি স্বীকাৰোক্তি দিছিল। এই ঘটনাৰ আন এজন সাক্ষী আছিল সেইদিনা চুম’ গাড়ীখনৰ চালক বিকাশ থাউচেন।
এই বিকাশ থাউচেনকে যিকোনো মূল্যৰ বিনিময়ত ক্ৰয় কৰিবলৈ উঠিপৰি লগাৰ অভিযোগ উঠিছে তেতিয়াৰ ডি এইচ ডি জুৱেল গোটৰ উপ-মুখ্য সেনাধ্যক্ষ ডেনিয়েল ডিমাচা ওৰফে বৰ্তমানৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোছা। ধন আৰু ভাবুকিৰে যিকোনো প্ৰকাৰে আদালতত সাক্ষ্য দিয়াৰ পৰা অতৰাই ৰাখিব খুজিছে গাড়ী চালকগৰাকীক।
কাৰণ এই বিকাশ নামৰ গাড়ী চালকগৰাকীয়ে সকলোবোৰ ঘটনা জানিছিল। বিকাশ থাউচেনে ১৪ জুন ২০২৩ত উমাৰাংচু আৰক্ষী থানাত ৰুজু কৰা এখন এজাহাৰত এই অভিযোগ উত্থাপন কৰি দেবলাল গাৰ্লোছা আৰু তেওঁৰ সহযোগীসকলে কি ধৰণে ভাবুকি প্ৰদান কৰিছে তাৰ সবিস্তাৰে উল্লেখ কৰিছে।
এজাহাৰত উল্লেখ কৰা মতে,১৩মে’ ২০২৩ৰ পুৱা ৯বাজি৪৫ মিনিটত থৈচুডাও থাউচেন নামৰ প্ৰাক্তন ডি এইচ ডি সদস্যগৰাকী প্ৰোনেন হাফিলুংবাৰ সৈতে তেওঁৰ ঘৰলৈ আহিছিল। AS-08 A 8888 নম্বৰৰ ফৰচুনাৰখনত আহি তেওঁলোকে বিকাশ থাউচেনৰ পত্নীৰ লগত কথা পাতি বিকাশৰ সৈতে সংযোগ কৰাই দিবলৈ অনুৰোধ কৰিছিল।
তাৰপাছত বিকাশক ঘৰলৈ মাতি আনিবলৈ আৰু ঘৰতে মৌন হৈ বহি থাকক বুলি কৈ ভাবুকি প্ৰদান কৰিছিল দুই প্ৰাক্তন ডি এইচ ডিৰ সদস্যই। কোনো কাৰণতে যাতে বৰ্তমানৰ চি ই এম দেবলাল গাৰ্লোছাৰ বিৰুদ্ধে আদালতত ভাষ্য প্ৰদান নকৰিবলৈ সকিয়াই দি পত্নীক এটা চৰকাৰী চাকৰি দিয়াৰো প্ৰলোভন দিছিল।
তেওঁৰ বেঙ্ক একাউণ্ট খুজি তাত কিছু ধন ভৰাই দিয়াৰো প্ৰতিশ্ৰুতি দিছিল। আদালতত তেওঁ কি ধৰণে ভাষ্য দিব সেয়া শিকাই কৈ গৈছিল যে, তেওঁলোকক দেবলাল গাৰ্লোছাই কৈ পঠিয়াইছে।
ইয়াৰ পাছতো ২৫মে’ ২০২৩ত থৈচাদো থাউচেনে এটা ম'বাইল নম্বৰৰ পৰা তেওঁৰ পত্নীক ফোন কৰি বিকাশ থাউচেন ক’ত থাকে জানিব বিচাৰিছিল। এইদৰে এতিয়া এই গোচৰটোৰ পৰা পৰিত্ৰাণ পাবলৈ বিকাশ থাউচেনক হেঁচা,ভাবুকি আৰু প্ৰলোভন দিয়াৰ অভিযোগ উঠিছে দেবলাল গাৰ্লোছাৰ বিৰুদ্ধে।
উল্লেখযোগ্য যে এই গোচৰৰ অন্তিম শুনানি ১৭জুন ২০২৩ত অনুষ্ঠিত হ’ব। ন্যায়ৰ অপেক্ষাত আছে প্ৰয়াত হাবিবুৰ ৰহমানৰ পত্নী আৰু তেওঁৰ একমাত্ৰ কন্যা। উত্তৰ কাছাৰৰ এই ঘটনাই পাৰ্বত্য জিলাখনতো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Also Read: জোনালী হত্যাকাণ্ডৰ নতুন মোৰ