এটাৰ পাছত আন এটা অপৰাধৰ সৈতে নাম সাঙোৰ খাইছে দেৱলাল গাৰ্লোছাৰ...

এটাৰ পাছত আন এটা অপৰাধৰ সৈতে নাম সাঙোৰ খাইছে দেৱলাল গাৰ্লোছাৰ...
এটাৰ পাছত আন এটা অপৰাধৰ সৈতে নাম সাঙোৰ খাইছে দেৱলাল গাৰ্লোছাৰ...
Published on
Updated on

ডিজিটেল সংবাদ ডিমা হাছাওঃ পুনৰ অপৰাধৰ ৰম্যভূমিলৈ পৰিণত হৈছে ডিমা হাছাও! উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোছাৰ বিৰুদ্ধে উত্থাপিত হৈছে ভূমি-কেলেংকাৰী, লুন্ঠন, হত্যাকাণ্ডৰ দৰে ভয়ংকৰ অভিযোগ।

শেহতীয়াকৈ এনে অভিযোগত থকা-সৰকা হৈছে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ চি ই এম অৰ্থাৎ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোছা। ভূমি-কেলেংকাৰী, লুন্ঠন,অপহৰণ, হত্যা আদিৰ দৰে ভয়ংকৰ অভিযোগ এইজন মুখ্য কাৰ্যবাহী দেৱলালৰ বিৰুদ্ধে।

২০১৬ চনৰ পৰা বৰ্তমানলৈকে আইনী ৰায়দানৰ শেষ পৰ্যায়ত থকা দেৱলালৰ দুটা ভয়ংকৰ অপৰাধৰ গোচৰ IPC ৩০২ৰ অধীনত অভিযোগ অন্তৰ্ভুক্ত কৰা হৈছে। ব্যক্তিগত কাৰণত চৰকাৰী ভূমি-বেদখল, পাহাৰীয়া জিলাখনৰ নামনি আৰু অন্যান্য ঠাইত ভাৰতীয় ৰে'লৱেৰ মাটি বেদখল কৰি নিজ সমৰ্থকক ঘৰ সাজিবলৈ দিয়াৰ আন এক ভয়ংকৰ অভিযোগ উত্থাপন হৈছে দেৱলাল গাৰ্লোছাৰ বিৰুদ্ধে।

ইয়াৰোপৰি ডিমা হাছাওৰ হাফলং আৰু মাইবংৰ লগতে আন আন বহুকেইটা স্থানত ৰাজহুৱা ভূমি-ঘৰ নূন্যতম চৰকাৰী মূল্য নিদিয়াকৈয়ে বলপূৰ্বকভাৱে অধিগ্ৰহণ কৰাৰ ভয়ংকৰ অভিযোগো উত্থাপন হৈছে এইজন চি ই এম দেৱলালৰ বিৰুদ্ধে। অসমমালা আৰু মাহোৰৰ দৰে বৃহৎ প্ৰকল্পৰ পৰা মণিপুৰ NHIDCL পথ সংযোগ প্ৰকল্পৰ পৰা বৃহৎ পৰিমাণৰ ধন লোৱাৰো অভিযোগ উঠিছে দেৱলাল গাৰ্লোছাৰ বিৰুদ্ধে।

লেখবিহীনভাৱেই বিভিন্ন কেলেংকাৰীত নাম সাঙোৰ খাই পৰা এইজন মুখ্য কাৰ্যবাহী সদস্য কেনেদৰে আজিও মুকলিভাৱে বিচৰণ কৰি আছে সেয়াহে চিন্তনীয় বিষয়। দেৱলাল বৰ্তমানৰ চৰকাৰখনৰ যে কোনো প্ৰৱল-প্ৰতাপী নেতাৰ দ্বাৰা আৰ্শীবাদপুষ্ট সেইয়া প্ৰায় নিশ্চিত!

নহ'লেনো ইমানবোৰ অপৰাধ-দুৰ্নীতিৰ পিছতো কেনেদৰে এনে এজন অপৰাধী এখন পৰিষদৰ মুখ্য কাৰ্যবাহীৰ দৰে এটা পদত আজিও অধিষ্ঠিত হৈ থাকিব পাৰিছে? দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ বিজেপি চৰকাৰখন আজিও দেৱলাল গাৰ্লোছাৰ ক্ষেত্ৰত নিমাত কিয়? এই পৰিস্থিতিত বহু প্ৰশ্নৰ উদয় হৈছে সচেতন মহলৰ মাজত। দেৱলালৰ বিৰুদ্ধে কঠোৰ হ'বনে বিজেপি চৰকাৰ! সেয়াও এক প্ৰশ্নবোধক?

এটাৰ পাছত আন এটা অপৰাধৰ সৈতে নাম সাঙোৰ খাইছে দেৱলাল গাৰ্লোছাৰ...
দেশত পথ দুৰ্ঘটনাৰ সংখ্যা ১২% বৃদ্ধি, তীব্ৰ বেগ মূল কাৰণঃ পৰিবহন মন্ত্ৰালয়ৰ তথ্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in