ডিমা হাছাওৰ দুই আঁচনিৰ সন্দৰ্ভত পৰ্যালোচনা সভা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ...

ডিমা হাছাওৰ দুই আঁচনিৰ সন্দৰ্ভত পৰ্যালোচনা সভা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই শুকুৰবাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ তথা জিলা জল আৰু স্বচ্ছতা অভিযান(DWSM)-ৰ সকলো বিষয়াৰ সৈতে এখন বৈঠকত অধ্যক্ষতা কৰি উত্তৰ কাছাৰ পার্বত্য স্বায়ত্ত পৰিষদ এলেকাত জলজীৱন মিছন আৰু স্বচ্ছ ভাৰত অভিযানৰ আঁচনিসমূহ ৰূপায়নৰ বিতং খতিয়ান লয়। মন্ত্ৰী বৰুৱাই খোৱাপানীৰ অভাৱত জর্জৰিত জিলাখনত আঁচনিসমূহ সম্পূর্ণভাবে ৰূপায়ন কৰাৰ ক্ষেত্রত আহি পৰা বিভিন্ন সমস্যা আৰু তাৰ সমাধানৰ বাবে আঁচনি আৰু পদক্ষেপসমূহৰ পর্যালোচনা কৰি এক নির্দিষ্ট সময়ৰ ভিতৰত কাম সম্পূর্ণ কৰাৰ নির্দেশ দিয়ে।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ এই অভিলাষী আঁচনি অনুসৰি গ্ৰাম্যাঞ্চলৰ সমগ্র জনগণে নলযোগে বিশুদ্ধ খোৱা পানী লাভ কৰিব পাৰে তাৰ প্ৰতি সৰৱ হৈ পৰে মন্ত্ৰীজন। উক্ত বিষয়ত সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰী বৰুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ডিমা হাছাও জিলাৰ প্ৰতিটো ঘৰতেই বিশুদ্ধ পানী যোগান ধৰাৰ কাৰণে আগবঢ়োৱা সহায়ৰ বাবে ধন্যবাদ জনায়। তেওঁ উল্লেখ কৰে যে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হাফলং চহৰৰ কাৰণে গ্ৰহণ কৰা AMRUT আঁচনিৰ জৰিয়তে চহৰখনৰ নগৰীয়া খোৱাপানীৰ ব্যৱস্থা অতি সঠিক ৰূপত পৰিচালিত হৈছে।

তদুপৰি ডিমা হাছাও জিলাই অসমৰ একমাত্ৰ জিলা হিচাবে ODF plus সন্মান লাভ কৰি সুন্দৰ ভাবে চাফ-চিকুনতাৰ ক্ষেত্ৰত এক বিশেষ ছবি দাঙি ধৰিছে। পাৰ্বত্য জিলাসমূহত পৰিবহন আদি সকলো বাধা নেওচি ২০২৪ চনত ভিতৰত প্ৰতিটো ঘৰতেই বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিবলৈ পূৰ্ণগতিত কাম চলি থকা বুলিও মন্ত্ৰী বৰুৱাই জানিবলৈ দিয়ে।

তেওঁ লগতে স্বায়ত্ত শাসিত পৰিষদৰ সদস্যসকলক নিজৰ নিজৰ ক্ষেত্ৰত জনসাধাৰণৰ খোৱা পানীৰ সা-সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আৰু অধিক আগ্ৰহেৰে কামবোৰ আগুৱাই লৈ যাবলৈ অনুৰোধ জনায়।

উল্লখ্য বৈঠকত মন্ত্ৰী নন্দিতা গার্লোছা, সাংসদ হৰেন সিং বে', উত্তৰ কাছাৰ পার্বত্য স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দেৱলাল গার্লোছা, কার্যবাহী সদস্যসকলৰ লগতে সদস্যসকলো উপস্থিতি থাকে।

ডিমা হাছাওৰ দুই আঁচনিৰ সন্দৰ্ভত পৰ্যালোচনা সভা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ...
চৰকাৰী আঁচনিৰ নামত কোটি কোটি টকা লুণ্ঠন কৰি গ্ৰেপ্তাৰ দিলোৱাৰ হুচেইন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in