অসম গোৰ্খা সন্মিলনৰ অষ্টম ত্ৰি-বাৰ্ষিক অধিৱেশনত মন্ত্ৰী পীযুষ হাজৰীকা

অসম গোৰ্খা সন্মিলনৰ অষ্টম ত্ৰি-বাৰ্ষিক অধিৱেশনত মন্ত্ৰী পীযুষ হাজৰীকা

অসমৰ গোৰ্খাসকল আমাৰ ৰাজ্যৰ অভিন্ন অংগ, তেওঁলোকক বাদ দি অসমীয়া জাতি সম্পূৰ্ণ হ'ব নোৱাৰেঃ মন্ত্ৰী হাজৰীকা
Published on

ডিজিটেল সংবাদ, হাফলংঃ অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ, জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই সোমবাৰে হাফলঙত অসম গোৰ্খা সন্মিলনৰ ডিমা হাচাও জিলাৰ অষ্টম ত্ৰি বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে । মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানটোত বক্তব্য প্ৰদান কৰি কয় যে- গোৰ্খাসকল অসমৰ অভিন্ন অংগ । গোৰ্খাসকলৰ অবিহনে বৃহত্তৰ অসমীয়া জাতি সম্পূৰ্ণ হ'ব নোৱাৰে।

লগতে মন্ত্ৰী হাজৰীকাই কয় যে- তেওঁলোকে অসমৰ আৰ্থ সামাজিক ক্ষেত্ৰখনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। দেশৰ স্বাধীনতা আন্দোলনৰ সময়তো গোৰ্খাসকলে সক্ৰিয় অংশগ্ৰহণ কৰিছিল বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই দেশ বিভাজনৰ সময়ত গোৰ্খাসকলে অসমক পাকিস্তানৰ অন্তৰ্ভুক্ত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে সজোৰে প্ৰতিবাদ কৰিছিল বুলিও ভাষণত উল্লেখ কৰে।

তদুপৰি তেওঁ ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে অসমৰ গোৰ্খাসকলৰ বাবে যথেষ্ট আন্তৰিকতাৰে কাম কৰি আছে, গোৰ্খাসকলৰ ক্ষেত্ৰত ডি ভোটাৰৰ সমস্যা নাইকীয়া কৰাৰ লগতে ট্ৰাইবেল বেল্টত 'Protected Class'ৰ মৰ্যাদা প্ৰদানৰ ব্যৱস্থাৰে চৰকাৰে গোৰ্খাসকলৰ বাবে বহুতো কাম হাতত লোৱা বুলি মন্তব্য প্ৰদান কৰে ।

আনহাতে ডিমা হাচাওৰ লগতে ৰাজ্যখনৰ সকলো প্ৰান্ততে উন্নয়ন ত্বৰান্নিত কৰাৰ বাবে ৰাজ্য চৰকাৰে কাম কৰি আছে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰদান কৰে। বক্তব্যৰ আৰম্ভণিতে মন্ত্ৰী হাজৰীকাই গোৰ্খা সন্মিলনৰ জন্মৰ সময়ৰ ব্যক্তিসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে ৰাজ্য চৰকাৰৰ আন এগৰাকী মন্ত্ৰী নন্দিতা গাৰ্লোছা আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছাও উপস্থিত আছিল ।

অসম গোৰ্খা সন্মিলনৰ অষ্টম ত্ৰি-বাৰ্ষিক অধিৱেশনত মন্ত্ৰী পীযুষ হাজৰীকা
চহা কবি জীৱন দলেৰ "সোণালী চুলিৰ ছাঁ" উন্মোচন
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in