মহাপ্ৰৱঞ্চক দীপাংকৰক দিলে তিনি দিনৰ ট্ৰাঞ্জিত ৰিমাণ্ডত...

মহাপ্ৰৱঞ্চক দীপাংকৰক দিলে তিনি দিনৰ ট্ৰাঞ্জিত ৰিমাণ্ডত...
মহাপ্ৰৱঞ্চক দীপাংকৰক দিলে তিনি দিনৰ ট্ৰাঞ্জিত ৰিমাণ্ডত...
Published on
Updated on

ডিজিটেল ডেস্কঃ ট্ৰেডিং কেলেংকাৰীৰে জৰিত হৈ অসম এৰি পলায়ন কৰা ডিবি ষ্টকছৰ গৰাকী মহা প্ৰৱঞ্চক দীপাংকৰ বৰ্মনক দেওবাৰে গোৱাত গ্ৰেপ্তাৰ কৰাৰ পাছতে আজি তেওঁক লৈ অনা হৈছে গুৱাহাটীলৈ। আজি নিশাৰ ভাগতে দীপাংকৰ অসম আৰক্ষীৰ দলটোৰ সৈতে গুৱাহাটীত আহি উপস্থিত হ'ব। আজি গোৱাৰ পেৰনম কোৰ্টত তেওঁক হাজিৰ কৰোৱাৰ পাছতে ন্যায়ালয়ে তিনিদিনৰ ট্ৰাঞ্জিত ৰিমাণ্ডত দিছে।

উল্লেখ্য যে, দীৰ্ঘদিনীয়া আত্মগোপনৰ অন্তত দীপাংকৰক গোৱা পানাজী অঞ্চলত দেওবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল। গ্ৰেপ্তাৰৰ সময়ত তেওঁৰ পৰা জব্দ কৰা হয় নগত ২৭ লাখ টকা, পাছপোৰ্ট আৰু কিছু পৰিমাণৰ অকংলাক। ইয়াৰ বিপৰীতে দীপাংকৰৰ বিৰুদ্ধে আছে কেইবা হাজাৰ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ।

গোৱাত গ্ৰেপ্তাৰ হোৱা দীপাংকৰক গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে আৰক্ষীয়ে সোধপোছ কৰিব। তাৰোপৰি ট্ৰাঞ্জিত ৰিমাণ্ডৰ সময় অতিক্ৰম কৰাৰ পাছতে পুনৰ ন্যায়ালয়ত হাজিৰ কৰি নিজৰ জিম্মাত বিচাৰিব।

ইতিমধ্যে ৰাজ্যত সংঘটিত হোৱা সকলো ট্ৰেডিং কেলেংকাৰীৰ গোচৰ চি বি আইলৈ হস্তাস্তৰ কৰা হৈছে যদিও মহানগৰ আৰক্ষীয়ে পুনৰ এটা গোচৰ দীপাংকৰৰ বিৰুদ্ধে পল্টনবজাৰ আৰক্ষী থানাত ৩৭৪/২৪ নম্বৰত ৰুজু কৰিছে।

মহাপ্ৰৱঞ্চক দীপাংকৰক দিলে তিনি দিনৰ ট্ৰাঞ্জিত ৰিমাণ্ডত...
'কংগ্ৰেছৰ কৰুণা, দয়াত আঞ্চলিক দলবোৰ চলি থকা নাই'- অখিল গগৈ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in