ডিজিটেল সংবাদ,বৰমা : বাক্সা জিলাৰ বৰমা মহাবিদ্যালয় প্ৰেক্ষাগৃহত সমষ্টি পুনৰ গঠনৰ খচৰাক লৈ এখন বিশেষ আলোচনাচক্ৰ অনুষ্ঠিত হয়। দেওবাৰে বড়ো জনগোষ্ঠীৰ ১৩ টা সংগঠন আৰু দুটা আঞ্চলিক ৰাজনৈতিক দলৰ মাজত সমষ্টি পুনৰ গঠনৰ খচৰাক লৈ এই আলোচনাচক্ৰ অনুষ্ঠিত হয়।
উক্ত আলোচনা চক্ৰত নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, আঞ্চলিক ৰাজনৈতিক দল বিপিএফ, ইউ পি পি এল আদি দলৰ নেতাই অংশগ্ৰহণ কৰে। সভাত বিটিআৰ অঞ্চলৰ অন্তৰ্ভুক্ত লোকসভা আৰু বিধানসভা সমষ্টিৰ বিষয়ে বিষদ আলোচনা কৰা হয় ৷
এই আলোচনাত বিটিআৰৰ পূৰ্বৰ ১২ টা বিধানসভা সমষ্টিৰ পৰা ১৫ টা হোৱাত সকলোৱে আদৰণি জনায়। আনহাতে লোকসভাত কোকৰাঝাৰ ( এছটি ) আৰু ওদালগুৰি দুয়োটা সমষ্টি বিটিআৰৰ ভিতৰত হ'ব লাগে বুলি সকলোৱে মন্তব্য কৰে ।
ইয়াৰে কোকৰাঝাৰ লোকসভা সমষ্টি বিটিআৰৰ ভিতৰতে আছে যদিও ওদালগুৰি লোকসভা সমষ্টিটোত বিটিআৰৰ বাহিৰৰ বিধানসভা আছে। ওদালগুৰি লোকসভা সমষ্টিটো সম্পূৰ্ণৰূপে বিটিআৰৰ ভিতৰত হ'ব লাগে বুলি ৰাজ্যসভাৰ সাংসদ ৰৌনগৌৰা নাৰ্জাৰী, সদৌ অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰী, নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োৱে মন্তব্য কৰে।
যদি তেনেকৈ থাকে তেতিয়াহ'লেও কেনেকৈয়ে নিৰ্বাচন খেলিব লাগিব বুলিও কয় ৰৌনগৌৰা নাৰ্জাৰীয়ে। আনহাতে সোমবাৰে বড়ো সংগঠনসমূহে নিৰ্বাচন আয়োগৰ ওপৰত এই বিষয়ে স্মাৰকপত্ৰ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে।
ইয়াৰোপৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োৱে বড়োসকলে সংগ্ৰাম কৰিহে অধিকাৰ লাভ কৰিছে বুলি দোহাৰি বড়ো লোকৰ প্ৰভুত্ব থকা সমষ্টি থান-বান কৰা বুলি উল্লেখ কৰে ।
Also Read: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাজিৰঙা আঞ্চলিক সমিতি গঠন