জিলা মেলেৰিয়া বিষয়া নন্দৰাম চৌধুৰীৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান

কামৰূপ মহানগৰ জিলাৰ সমূহ মেলেৰিয়া কৰ্মচাৰীৰ সহযোগত জাপৰিগোগস্থিত কৃষ্ণনগৰ বিদ্যাপীঠ হাইস্কুলত চলিত বছৰৰ ৩১মাৰ্চ তাৰিখে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা জিলাখনৰ প্ৰাক্তন জিলা মেলেৰিয়া বিষয়া নন্দৰাম চৌধুৰীৰ বিদায় সম্বৰ্ধনা অনুস্থান আয়োজন কৰা হয়।

author-image
Asomiya Pratidin
New Update
জিলা মেলেৰিয়া বিষয়া নন্দৰাম চৌধুৰীৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান

জিলা মেলেৰিয়া বিষয়া নন্দৰাম চৌধুৰীৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান

ডিজিটেল সংবাদ, গুৱাহাটীঃ দেওবাৰে কামৰূপ মহানগৰ জিলাৰ সমূহ মেলেৰিয়া কৰ্মচাৰীৰ সহযোগত জাপৰিগোগস্থিত কৃষ্ণনগৰ বিদ্যাপীঠ হাইস্কুলত চলিত বছৰৰ ৩১মাৰ্চ তাৰিখে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা জিলাখনৰ প্ৰথম তথা প্ৰাক্তন জিলা মেলেৰিয়া বিষয়া নন্দৰাম চৌধুৰীৰ বিদায় সম্বৰ্ধনা অনুস্থান আয়োজন কৰা হয়। চন্দন শৰ্মাৰ সভাপতিত্বত অনুস্থিত হোৱা সভাখনত সকলোৱে চৌধুৰীৰ কৰ্মৰাজীৰ সন্দৰ্ভত আলোকপাত কৰে। 

ইয়াৰ পিছতে সদ্য অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে তেওঁৰ চাকৰি জীৱনৰ অভিজ্ঞতা কথা বৰ্ণনা কৰে। স্থানীয় গ্ৰীণ হিলচ ক্লাবৰ বিষয়ববীয়া সকলেও চৌধুৰীক সম্বৰ্ধনা জ্ঞাপন কৰে। সভাৰ অন্তত সকলোৱে প্ৰীতি ভোজত অংশগ্ৰহণ কৰে।

মেলেৰিয়া কামৰূপ