আজি কালী পূজা: ৰাজ্যবাসীয়ে উলহ-মালহেৰে পালন কৰিব পোহৰৰ উৎসৱ দিপাৱলী

আজিৰে পৰা আৰম্ভ পোহৰৰ উৎসৱ দিপাৱলী। দেৱালীৰ লগতে আজি দেশত চলিছে কালী পূজাৰ প্ৰস্তুতিও।

author-image
Asomiya Pratidin
New Update
আজি কালী পূজা: ৰাজ্যবাসীয়ে উলহ-মালহেৰে পালন কৰিব পোহৰৰ উৎসৱ দিপাৱলী

প্ৰতীকি ফটো

ডিজিটেল ডেস্ক: আজিৰে পৰা আৰম্ভ পোহৰৰ উৎসৱ দিপাৱলী। দেৱালীৰ লগতে আজি দেশত চলিছে কালী পূজাৰ প্ৰস্তুতিও। সমাজৰ পৰা অপশক্তি দূৰ কৰি শান্তি প্ৰতিষ্ঠা কৰাৰ প্ৰাৰ্থনা জনাই সমগ্ৰ দেশতে উদযাপন হ'ব কালী পূজা। ইতিমধ্যে বিভিন্ন মন্দিৰ আৰু উপাসনাস্থলীত মা কালী ভক্তই চলাইছে পূজাৰ আয়োজন।

শ্ৰী ৰামচন্দ্ৰই ১৪ বছৰ বনবাস খাটি সীতাৰ সৈতে অযোধ্যালৈ ঘূৰি অহাৰ আনন্দতেই প্ৰজাগণে পোহৰেৰে অযোধ্যক উদ্ভাসিত কৰি তোলাৰ পৰম্পৰা অনুসৰিয়েই সমগ্ৰ দেশতে পালন কৰা হ'ব পোহৰৰ উৎসৱ দিপাৱলী।

পৰম্পৰা যিয়েই নহওক। অতীজৰে পৰা চলি অহা এই পৰম্পৰা অনুসৰি পোহৰৰ উৎসৱ পালন কৰিবলৈ সাজু হৈছে দেশৰ লগতে ৰাজ্যবাসী।

সকলোকে দিপাৱলীৰ শুভকামনা জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে যে ''আলোকৰ উৎসৱ দীপাৱলী উপলক্ষে মোৰ প্ৰিয় অসমবাসীলৈ যাচিলোঁ আন্তৰিক শুভকামনা। এন্ধাৰ সদৃশ দুষ্কৃতি নাশ কৰি বন্তিৰ পোহৰে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা'।

দেৱালীক লৈ ইতিমধ্যে প্ৰশাসনে জাৰি কৰিছে বিশেষ নিৰ্দেশনাও। দেৱালীত যাতে কোনোৱে উচ্চ শক্তিসম্পন্ন ফটকা নুফুটাই তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। তাৰোপৰি পৰিৱেশ বিনষ্ট বা প্ৰদূষণ মুক্ত দেৱালী পালন কৰিবলৈ সকলোকে আহ্বান জনাইছে প্ৰশাসনে।ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰশাসনে ফটকা ফুটোৱাৰ বাবে নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰি দিছে।

assam diwali kali puja