ডিমা হাছাওত ১৭০ গৰাকী ডিএনএলএ সদস্যৰ আত্মসমৰ্পণ

ডিমা হাছাওত ১৭০ গৰাকী ডিএনএলএ  সদস্যৰ আত্মসমৰ্পণ
Published on
Updated on

ডিজিটেল সংবাদ, ডিমা হাচাওঃ ডিমা হাছাও জিলাৰ কাৰণে আজি আৰু এটা ঐতিহাসিক দিন। ডিএইচডি ডিএইচডি (জে) উগ্ৰপন্থী সংগঠনৰ পিচতে শনিবাৰে আন এটা বিদ্ৰোহী সংগঠনে কৰিলে অস্ত্ৰ সম্বৰণ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ডিমাছা নেচনেল লিবাৰেচন আৰ্মি চুমুকৈ ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ ১৭০ গৰাকী সদস্যই আত্মসমৰ্পণ কৰি অস্ত্ৰ-শস্ত্ৰ সম্বৰণ কৰে। আত্মসমৰ্পনৰ পাছতে সদস্য কেইগৰাকীক পুনৰ সংস্থাপনৰ বাবে ৪ লাখকৈ টকা দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে মন্ত্ৰী পিযুষ হাজৰিকা,জয়ন্ত মল্ল বৰুৱা, যোগেন মোহন, নন্দিতা গাৰ্লোচা, কাৰ্বি-আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ,উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচা ,ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন চন্দ্ৰ নাথ আৰু ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবি কটা।

ডিমা হাছাওত ১৭০ গৰাকী ডিএনএলএ  সদস্যৰ আত্মসমৰ্পণ
চলন্ত গাড়ীতেই চালকক জ্বলাই দিয়াৰ চেষ্টা আৰোহীৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in