ডিজিটেল ডেস্ক : বিগত ২৪ আগষ্ট ২০২৪ত ব্ৰহ্মপুত্ৰৰ পানীত উটি অহা অৱস্থাত সুকচৰ আৰক্ষীয়ে উদ্ধাৰ কৰে এগৰাকী বৃদ্ধাক। পৰিচয়বিহীন বৃদ্ধাগৰাকীক "সখী ওৱান ষ্টপ চেন্টাৰ"ত আশ্ৰয় দিয়ে আৰক্ষীয়ে। সম্প্ৰতি মহিলাগৰাকী উল্লেখিত আশ্ৰয় গৃহটিতেই থকা বুলি জানিব পৰা গৈছে।
এই বৃদ্ধাগৰাকীকলৈ এতিয়া বিমোৰত পৰিছে আৰক্ষীৰ লগতে সখী ওৱান ষ্টপ চেন্টাৰ। কিয়নো বৃদ্ধাগৰাকীয়ে তেঁওৰ ঠিকনা অথবা পৰিয়ালৰ সম্পৰ্কীয় কোনো তথ্য সখী ওৱান ষ্টপ চেণ্টাৰ নাইবা আৰক্ষীক জনাব পৰা নাই।
সেই হেতুকে জিলা আইন সেৱা প্ৰাধিকাৰী, দক্ষিণ শালমাৰা মানকাচৰৰদ্বাৰা প্ৰচাৰিত এক বিবৃতিযোগে বৃদ্ধাগৰাকীক তেখেতৰ ফটোখনৰ জৰিয়তে চিনাক্তকৰণ কৰি তেওঁৰ পৰিয়ালৰ অনুসন্ধান দিবৰ বাবে সদাশয় ব্যক্তিক অনুৰোধ জনাইছে আশ্ৰয় গৃহৰ কাৰ্যকৰ্তাই। বৃদ্ধাগৰাকীৰ ফটো হৈছে এইখন-
বৃদ্ধাগৰাকীক চিনাক্ত কৰিব পাৰিলে ৩টা যোগাযোগ নম্বৰত যোগাযোগ কৰিবলৈ প্ৰশাসনে আহ্বান জনাইছে।
যোগাযোগৰ ঠিকনা - জিলা আইন সেৱা প্ৰাধিকাৰী দক্ষিণ শালমাৰা মানকাচৰ। যোগাযোগ নম্বৰ-
-
9864976732 (Asst.LADC)
-
7002609965 (Asst.LADC)
-
9954294191 (UDA)
-
6002628758 (PLV)
Also Read: শিৱসাগৰত অখিল গগৈ, দেবব্ৰত শইকীয়া আৰু ভূপেন বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু বিজেপি নেতা ময়ূৰ বৰগোহাঁইৰ