নুনমাটিত সুৰাপায়ী যুৱকৰ অতপালি: মেজিক চালকৰ পৰা লুটি নিলে ধন

dangor khabar
dangor khabar
Published on
Updated on

ডিজিটেল ডেস্কঃ মহানগৰীৰ নুনমাটিত মঙলবাৰে নিশা সংঘটিত হৈছে ডকাইটিৰ ঘটনা। ৫জনীয়া যুৱকৰ এটা দলে মেজিক চালকক আক্ৰমণ কৰি লুটি নিয়ে ধন। সুৰাসক্ত হৈ এই কাৰ্য সংঘটিত কৰে ৫জনীয়া দলটোৱে।

জানিব পৰা মতে মঙলবাৰে নিশা মেজিক লৈ ঘৰলৈ ৰাওনা হোৱা বাহনখনৰ চালক আৰু হেণ্ডিমেনক পথত আগচি ধৰি ধন দাবী কৰিছিল দলটোৱে। ধন দিবলৈ অমান্তি হোৱাত যুৱকৰ দলটোৱে দুয়োজনকে প্ৰহাৰ কৰি দলটোৱে চালক আৰু হেণ্ডিমেনজনৰ পৰা ৪৫০০ টকা টানি আজুৰি লৈ যায়।

ঘটনাৰ সন্দৰ্ভত ভুক্তভুগীয়ে নুনমাটি থানাত এজাহাৰ দাখিল কৰিছে। ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি দলটোৰ ৩জনক চিনাক্ত কৰিছে। চিনাক্ত হোৱা ৩জন ক্ৰমে নুনমাটি আনন্দ নগৰৰ হাছিবুল আলী, চানমাৰিৰ ছনি আলী আকু নিজৰাপাৰৰ ইউছুফ আলী ওৰফে বিকি।

dangor khabar
গৃহকন্দলৰ ভয়ংকৰ পৰিণতিঃ পত্নীৰ প্ৰহাৰত প্ৰাণ গ'ল স্বামীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in