ডিজিটেল ডেস্কঃ গুৱাহাটীত বাতৰি কাকত-আলোচনী বিতৰণেৰে অভিলেখ সৃষ্টি কৰা এম পি বুক ষ্টলৰ স্বত্বাধিকাৰী পৱন আলি শইকীয়াই লাভ কৰিছে সন্মানীয় ডক্টৰেট ডিগ্ৰী। সুদীৰ্ঘ তিনিটা দশক কাকত-আলোচনী বিতৰণৰ উপৰিও পৰৱৰ্তী সময়ত কেইবাখনো বিদ্যালয় স্থাপনেৰে দেশৰ বৌদ্ধিক,বিদ্যায়তনিক আৰু সমাজক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে ইউৰো এছিয়ান ইউনিভাৰ্চিটিয়ে শইকীয়ালৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে।
বৃহস্পতিবাৰে এই উপলক্ষে শইকীয়াৰ গুৱাহাটীস্থিত নিজা বাসভৱনত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিভিন্ন সংবাদ গোষ্ঠীৰ শতাধিকলোকে এই সন্মানৰ বাবে শলাগ লয় আৰু শুভেচ্ছা জ্ঞাপন কৰে।
বিভিন্ন সংবাদ গোষ্ঠীৰ লগতে অসমীয়া প্ৰতিদিনৰ চাৰ্কুলেচন বিভাগৰ পৰাও এই অনুষ্ঠানত উপস্থিত থাকি এম পি বুক ষ্টলৰ স্বত্বাধিকাৰ পৱন আলি শইকীয়াক শুভেচ্ছা জ্ঞাপন কৰে।
Also Read: তামুলপুৰত পাগলাদিয়া আৰু শুক্লাই নদীৰ মথাউৰি নিৰ্মাণৰ কাম পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ