লামডিঙৰ ৰাজপথত চিকিৎসকৰ সমদল...

লামডিঙৰ ৰাজপথত চিকিৎসকৰ সমদল...

author-image
Asomiya Pratidin
New Update
লামডিঙৰ ৰাজপথত চিকিৎসকৰ সমদল...

ডিজিটেল সংবাদ,লামডিং : সমগ্ৰ দেশ কঁপাই নিয়া কলিকতাৰ আৰ জি কৰ মেডিকেলৰ কৰ্তব্যৰত চিকিৎসক হত্যাৰ ঘটনাৰ প্ৰতিবাদত নামিল Indian Medical Association লামডিং শাখাৰ চিকিৎসক সমাজ আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ । লামডিং কালিবাৰি প্ৰাংগণৰ পৰা হাতে হাতে মম লৈ লামডিং বজাৰ হৈ মহিলা চিকিৎসকগৰাকীৰ ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদী সমদলত লামডিং অসামৰিক চিকিৎসালয় , লামডিং ৰেলৱে চিকিৎসালয়ৰ চিকিৎসক-চিকিৎসাকৰ্মীৰ সৈতে যোগদান কৰে লামডিং অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ছাত্ৰ সমাজে । প্ৰায় দুই শতাধিক লোকে অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰৰ পত্নী মীৰা মিশ্ৰই অংশগ্ৰহণ লয় ।

কৰ্তব্যৰত চিকিৎসকগৰাকীক নৃশংসভাৱে হত্যা কৰা ঘটনাৰ তীব্ৰ নিন্দা জনোৱাৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই চিকিৎসকসকলে । আনফালে এনে ঘটনা পুনৰাবৃত্তি যেন নহয় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায়।

Also Read: কলকাতাৰ আৰ জি কৰ চিকিৎসালয়ৰ ঘটনা : ধুবুৰী জিলা বিজেপি মহিলা মৰ্চাৰ প্ৰতিবাদী সমদল

lumding