চোৰাং গৰু নহয়, বোকাখাতত কুকুৰৰ সৰবৰাহ...

এইবাৰ চোৰাং গৰু নহয়, বোকাখাতত কুকুৰৰ সৰবৰাহ। ৩১ টাকৈ দেশীয় জাতৰ কুকুৰ উদ্ধাৰ হৈছে বোকাখাতত।
dog smuggling
dog smuggling
Published on
Updated on

ডিজিটেল সংবাদ, বোকাখাত: এইবাৰ চোৰাং গৰু নহয়, বোকাখাতত কুকুৰৰ সৰবৰাহ। ৩১ টাকৈ দেশীয় জাতৰ কুকুৰ উদ্ধাৰ হৈছে বোকাখাতত।

শুকুৰবাৰে বোকাখাতৰ কুৰুৱাবাহীৰ পৰা বোকাখাত আৰক্ষীয়ে পথৰ কাষৰ পৰা বস্তাত ভৰাই ঠেং, মুখ বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় কুকুৰ কেইটা। ইফালে ৩১ টাকৈ কুকুৰ জব্দ কৰি বিপাঙত পৰিছে বোকাখাত আৰক্ষী।

কুকুৰ সমূহ ক'ত কেনেকৈ ৰাখিব সেই লৈ চিন্তিত হৈ পৰিছে আৰক্ষী। অৱশ্যে কোনে, ক'লৈ কুকুৰ সমূহ নিয়াৰ যো জা কৰিছিল সেইয়া এতিয়াও নিশ্চিত হোৱা নাই বোকাখাত আৰক্ষী। কুকুৰ সৰবৰাহৰ চক্ৰটোক উৎখাত কৰিবলৈ তদন্ত অৱ্যাহত ৰাখিছে বোকাখাত আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in