আজিৰে পৰা আৰম্ভ দৰঙৰ খটৰা সত্ৰৰ পাচেতি মহোৎসৱ...

আজিৰে পৰা আৰম্ভ দৰঙৰ খটৰা সত্ৰৰ পাচেতি মহোৎসৱ...
Published on
Updated on

ডিজিটেল সংবাদ, মঙলদৈঃ দৰঙৰ ঐতিহ্য মণ্ডিত খটৰা সত্ৰৰ পাচেতি মহোৎসৱ কাইললৈৰ পৰা চাৰিদিনীয়াকৈ উদযাপন হব।৪৫৬বছৰীয়া প্ৰাচীন সত্ৰৰ পৰম্পৰাগত ভাৱে চলিঅহা এই পাচেতি উৎসৱ এই বেলি ১৬ছেপ্তেম্বৰৰ পৰা ১৯ছেপ্তম্বৰলৈ অনুষ্ঠিত কৰিবৰ বাবে ব্যাপক আয়োজন কৰা হৈছে।

ইতিমধ্যে সত্ৰখন সজাই পৰাই তোলা হৈছে লগতে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। কাইলৈ বিয়লি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই এইপাচেতি মহোৎসৱ শুভ উদ্বোধন কৰিব।আনহাতে সত্ৰৰ ৪৫০ বছৰীয়া জয়ন্তী পালনৰ স্মাৰক হিচাবে নিৰ্মাণ কৰা ধৰ্মধ্বজ বেদীটো উন্মোচন কৰিব। উদ্বোধনী অনুষ্ঠানত পৰ্য টন মন্ত্ৰী জয়ন্তমলল বৰুৱা,সাংসদ দিলীপ শইকীয়া উপস্থিত থাকিব।

এই লৈ জিলা প্ৰশাসনেও কেতবোৰ ব্যৱস্হা গ্ৰহণ কৰিছে।জিলাখনৰ অন্যতম লোক উৎসৱ হিচাপে পৰিগণিত পাচেতি মহোৎসৱত ১৭ আৰু ১৮ছেপ্তেম্বৰত লক্ষাধিক লোকৰ সমাগম হব। শান্তি শৃংখলা যাতে অটুট থাকে তাৰ বাবে আৰক্ষী প্ৰশাসনে তাত অস্থায়ী শিবিৰ পাতি নিৰাপত্তাৰ দিশটো তদাৰক কৰাৰ ব্যৱস্থা কৰিছে।

যান বাহন শান্তি কৰাৰ ক্ষেত্ৰত দিয়া পথ নিৰ্দেশনা মানিবলৈ ভক্ত সকলক অনুৰোধ জনাইছে সত্ৰ পৰিচালনা সমিতিয়ে।ইপিনে যান জটৰ প্ৰতি লক্ষ্য ৰাখি পৰিচালনা সমিতিয়ে কেইবাঠাইতো যান বাহন থোৱাৰ ঠাই সংৰক্ষিত কৰিছে বুলী জনাইছে।পাচেতি কেইদিনত সকলো দৰ্শনাৰ্থীকে শান্তি শৃংখলা বজাই ৰাখি ৰাম ৰঘূনাথৰ দৰ্শন লাভ কৰিবলৈও খটৰা সত্ৰ পৰিচালনা সমিতিয়ে অনুৰোধ জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in