তিনি বিশিষ্টলৈ দিপিআৰচিৰ বিশেষ বঁটা ঘোষণা...

তিনি বিশিষ্টলৈ দিপিআৰচিৰ বিশেষ বঁটা ঘোষণা...
Published on
Updated on

ডিজিটেল ডেস্ক : ঘোষণা হ'ল ২০২৩ বৰ্ষৰ দিপিআৰচি বঁটা। এই বৰ্ষৰ দিপিআৰচিৰ সাংবাদিকতা বঁটা লাভ কৰিছে বিশিষ্ট সাংবাদিক তথা বর্তমান দ্য আসাম ট্ৰিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক প্রশান্তজ্যোতি বৰুৱাই। আনহাতে দিপিআৰচি কলা-সংস্কৃতি বঁটা বিশিষ্ট গীতিকাৰ নাট্যকাৰ-পৰিচালক হেমন্ত দত্ত আৰু দিপিআৰচি চিকিৎসা সেৱা বঁটা বিশিষ্ট চকু চিকিৎসক তথা যোৰহাটৰ চন্দ্ৰপ্ৰভা চকু চিকিৎসালয়ৰ প্ৰতিষ্ঠাপক ডাঃ নাৰায়ণ বৰদলৈ লৈ আগবঢ়োৱা হৈছে। মঙলবাৰে এক সংবাদমেল যোগে এই কথা ঘোষণা কৰিলে দিপিআৰচি কৰ্তৃপক্ষই।

উত্তৰ-পূবৰ ভিতৰতে প্ৰথম অত্যাধুনিক সা-সঁজুলিৰে ৰাষ্ট্ৰীয় মানৰ ফিজিঅ'থেৰাপি সেৱা আগবঢ়োৱা প্রতিষ্ঠান দিগন্তজ ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেছন চেণ্টাৰ, চমুকৈ দিপিআৰচিয়ে এইবছৰ সফলতাৰে এঘাৰ বছৰ সম্পূৰ্ণ কৰিব। সমান্তৰালভাবে দিপিআৰচি বৰপেটা কেন্দ্ৰই সম্পূৰ্ণ কৰিব প্ৰতিষ্ঠাৰ পঞ্চম বছৰ।

উত্তৰ-পূবৰ আগশাৰীৰৰ স্বেচ্ছাসেৱী সংস্থা 'আঁচল'ৰ অধীনস্থ দিপিআৰচিয়ে ২০১২ চনৰ ৮ জুলাইত যাত্ৰা আৰম্ভ কৰি যোৱা এঘাৰ বছৰে বৰ্তমানলৈকে বিশ সহস্রাধিক লোকক উন্নত ফিজিঅ'থেৰাপি চিকিৎসা সেৱা আগবঢ়াই সুস্থিৰ জীৱন যাপনত সহযোগিতাৰ হাত আগবঢ়াই আহিছে। ইয়াৰোপৰি গুৱাহাটী আৰু বৰপেটা দুয়োটা কেন্দ্রতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলক বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়োৱা, বছৰৰ বিভিন্ন সময়ত ৰাস্তাৰ বিভিন্ন স্থানত স্বাস্থ্য পৰীক্ষা শিবিৰ আদি অনুষ্ঠিত কৰি আহিছে। লগতে দিপিআৰচিয়ে বাধাগ্রস্ত শিশুসকলৰ চিকিৎসাৰ বাবে দিচিআৰএছ নামৰ ভগ্নী-প্ৰতিষ্ঠানো আৰম্ভ কৰিছিল, যিয়ে দিপিআৰচিৰ লগতে প্ৰতিষ্ঠাৰ এঘাৰটা বছৰ সম্পূৰ্ণ কৰিছে।

আনহাতে প্ৰতিষ্ঠানটোৱে প্ৰতি বছৰে প্ৰতিষ্ঠা দিৱসৰ লগত সঙ্গতি ৰাখি ৰাজ্যখনৰ সংবাদ, চিকিৎসা আৰু কলা-সংস্কৃতিৰ ক্ষেত্রলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তিনিগৰাকীকৈ ব্যক্তিক দিপিআৰচি বঁটা প্ৰদান কৰি আহিছে। এই বঁটা প্ৰদানৰ বাবে গঠিত নির্বাচক মণ্ডলীয়ে কৰা বাচনিৰ ভিত্তিত ২০২৩ বৰ্ষৰ দিপিআৰচি সাংবাদিকতা বঁটা বিশিষ্ট সাংবাদিক তথা বর্তমান দ্য আসাম ট্ৰিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক প্রশান্তজ্যোতি বৰুৱা, দিপিআৰচি কলা-সংস্কৃতি বঁটা বিশিষ্ট গীতিকাৰ নাট্যকাৰ-পৰিচালক হেমন্ত দত্ত আৰু দিপিআৰচি চিকিৎসা সেৱা বঁটা বিশিষ্ট চকু চিকিৎসক তথা যোৰহাটৰ চন্দ্ৰপ্ৰভা চকু চিকিৎসালয়ৰ প্ৰতিষ্ঠাপক ডাঃ নাৰায়ণ বৰদলৈলৈ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বিগত বছৰ সমূহত প্ৰতিষ্ঠানটোৰ এই বঁটা লাভ কৰা ব্যক্তিসকল হ'ল দিপিআৰচি সাংবাদিকতা বঁটা প্ৰশান্ত ৰাজগুৰু, সমদ্ৰগুপ্ত কাশ্যপ, প্ৰণয় বৰদলৈ, মৃণাল তালুকদাৰ, ৰামানুজ দত্ত চৌধুৰী, জাৰিৰ হুচেইন, মনোজ কুমাৰ গোস্বামী, ৱাছবিৰ হুচেইন। আনহাতে দিপিআৰচি কলা-সংস্কৃতি বঁটা লাভ কৰিছিল অৰূপ মান্না, ধনেশ্বৰ শইকীয়া, উমাকান্ত বৈৰাগী, গুনিদ্ৰ ওজা, তৰুণ শইকীয়া, প্ৰভাত শৰ্মা, নীলপৱন বৰুৱা, সুদক্ষিণা শৰ্মাই। আকৌ দিপিআৰচি চিকিৎসা সেৱা বঁটা লাভ কৰিছিল ডা: হৰ্ষ ভট্টাচাৰ্য, ডা: প্ৰদীপ কুমাৰ বৰুৱা, ডা: সুবাস খান্ন, ডা: ৰমেশ চন্দ্ৰ ডেকা, ডা: ইলিয়াছ আলী, ডা: অমল চন্দ্ৰ কাকতি, ডা: নোমল চন্দ্ৰ বৰা আৰু ৰমেশ তালুকদাৰে।

অহা ১৫ জুলাই, ২০২২ শনিবাৰে বৰপেটাৰ জিলা পুথিভঁৰাল প্রেক্ষাগৃহত বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা দিপিআৰচি প্রতিষ্ঠা দিৱসৰ অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব। এই অনুষ্ঠানতে ঋতুপর্ণ দাস সম্পাদিত দিপিআৰচিৰ বাৰ্ষিক মুখপত্র "ফিনিক্স"ও উন্মোচন কৰা হ'ব। তদুপৰি বৰপেটাৰ শিল্পীসকলে ভোৰতাল নৃত্য, থিয়নাম আদি পৰিৱেশন কৰাৰ উপৰি সঙ্গীত নাটক অকাডেমীৰ ওস্তাদ বিছমিল্লা খাঁ যুৱ বঁটা প্ৰাপক মনোজ কুমাৰ দাসে খোলবাদন আৰু সমাদৃত কণ্ঠশিল্পী পুলক বেনাৰ্জীয়ে সঙ্গীতানুষ্ঠান পৰিৱেশন কৰিব।

ইয়াৰোপৰি অসমৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্ৰৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে সেইদিনাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উল্লেখ্য মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল দিপিআৰচিৰ একাদশ প্রতিষ্ঠা দিৱসৰ এই সমগ্ৰ কাৰ্যসূচীৰ বিষয়ে ঘোষণা কৰে দিপিআৰচিৰ অধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক-সাংবাদিক দিগন্ত দাসে। সংবাদ মেলখনিত বিশিষ্ট সাংবাদিক প্রণয় বৰদলৈ, সাংস্কৃতিক সংগঠক অংকুৰ গগৈ আৰু ঋতুপৰ্ণ দাসে অংশগ্রহণ কৰে।

তিনি বিশিষ্টলৈ দিপিআৰচিৰ বিশেষ বঁটা ঘোষণা...
পুনৰ অসমৰ ভূমিত নগাৰ উপদ্রৱ: লিখিত অভিযোগৰ পিছতো গুৰুত্ব নাই উপায়ুক্তৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in