আজি প্ৰকাশ পাব ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা...

২০ আগষ্টত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা

author-image
Asomiya Pratidin
New Update
আজি প্ৰকাশ পাব ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা...

আজি প্ৰকাশ পাব ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা...

ডিজিটেল ডেস্কঃ অসমৰ ৫ টাকৈ বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনৰ আজি খচৰা ভোটাৰ তালিকা প্ৰকাশ পাব। ১১ নং ধলাই বিধানসভা সমষ্টিৰ বিধায়ক পৰিমল শুক্লবৈদ্য, ৩১ নং চিদলী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, ৩২ নং বঙাইগাওঁ বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী, ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ বিধায়ৰ ৰঞ্জিত দত্ত আৰু ৮৮ নং চামগুৰি বিধানসভা সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি সংসদলৈ নিৰ্বাচিত হৈ যোৱাৰ ফলত এই সমষ্টি কেইটাত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাটো বাধ্যতামূলক হৈ পৰে।

সেই অনুসৰিয়েই এই সমষ্টি কেইটাত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈ পৰিছে ৰাজ্যিক নিৰ্বাচন আয়োগ। আজি আয়োগে এই সমষ্টি কেইটাৰ বাবে খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিব।

আয়োগে জনোৱা অনুসৰি এই সমষ্টি কেইটাত ২০২১ চনত উপলব্ধ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বৰ ভোটাৰ তালিকাসমূহ উপ-নিৰ্বাচনৰ সময়লৈকে নৱীকৰণ কৰি ব্যৱহাৰ কৰা হ'ব। এই খচৰা ভোটাৰ তালিকা দাবী আৰু আপত্তি দাখিল কৰাৰ সময়সীমা ১০ আগষ্টলৈ থাকিব।

দাবী আৰু নিষ্পত্তিকৰণ কৰা হ'ব ১৯ আগষ্টত। ইয়াৰ পিছত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব ২০ আগষ্টত। এই ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে সংশ্লিষ্ট সমষ্টি কেইটাৰ ৰাইজে অনলাইন মাধ্যমেৰেও আবেদনপত্ৰ সংগ্ৰহ কৰিব পাৰিব।

ceoassam.nic.in ৱেবচাইটৰ পৰা অনলাইন আবেদনপত্ৰ সংগ্ৰহ কৰি সেইসমূহ পূৰণ কৰি বি এল অ' বা ই আৰ অ' অথবা ডি ই অ' কাৰ্যালয়ত জমা দিব লাগিব। আবেদনপত্ৰ অনলাইন মাধ্যমেৰে সংগ্ৰহ কৰিব পাৰিব যদিও অনলাইন মাধ্যমেৰে দাখিল কৰিব নোৱাৰিব।

Also Read: অসমতো সোমাব নোৱাৰিব মেঘালয়ৰ টেক্সীঃ হুংকাৰ দিলে টেক্সী চালক সন্থাই...

বিধানসভা নিৰ্বাচন উপ নিৰ্বাচন ৰাজ্যিক নিৰ্বাচন আয়োগ