ৰাজ্যত ভয়ানক খৰাং ! সাম্ভাৱ্য লোকচানৰ আশংকাই দহিছে কৃষক সকলক...

author-image
Asomiya Pratidin
New Update
ৰাজ্যত ভয়ানক খৰাং ! সাম্ভাৱ্য লোকচানৰ আশংকাই দহিছে কৃষক সকলক...

ডিজিটেল সংবাদ, বান্দৰদেৱা : ৰাজ্যত অব্যাহত থকা তীব্ৰ খৰাংজনিত পৰিস্থিতিত এতিয়া মুৰে কপালে হাত দিব লগা হৈছে ৰবি শস্যৰ কৃষক সকলে। বিশেষকৈ তিল, মাটিমাহ, সৰিয়হ ইত্যাদি শস্যলৈ পানীৰ অভাৱত সম্প্ৰতি নামি আহিছে তীব্ৰ সংকট।

এনে পৰিস্থিতি অব্যাহত থাকিলে ফছল উৎপাদনত যে এই সকল কৃষক যে এইবাৰ তীব্ৰ লোকচানৰ সন্মুখীন হব সেয়া নিশ্চিত। ৰাজ্যৰ আনবোৰ ঠাইৰ সমান্তৰালভাবে বান্দৰদেৱাৰ সমীপৰ লেটেকুপুখুৰী-শ্ৰীভূঞা অঞ্চলৰ একাংশ যুবকৰ সমন্বিত প্ৰচেষ্টাত গঢ়ি তোলা আদৰ্শ কৃষক গোটটোৱে প্ৰায় ২৫ বিঘা মাটিত মাটিমাহ চাৰিবিঘা মাটিত তিল আৰু পঞ্চাশ বিঘাত সৰিয়হৰ খেতি কৰিছিল।

কিন্তু বৰষুণৰ অভাবত খেতি পথাৰৰ ফছল এতিয়া প্ৰায় শুকাই যোৱাৰ দৰে অৱস্থা হৈছে।কেৱল জলসিঞ্চনৰ ব্যৱস্থাৰ অভাবত এতিয়াও কৃষকে বতৰৰ ওপৰত নিৰ্ভৰশীল হৈ থকা ব্যৱস্থাৰ ফলশ্ৰুতিত কৃষক সকলে বছৰি লোকচানৰ ওপৰত লোকচানকেই ভৰি থাকিবলগীয়া হৈছে।কৃষি বিভাগৰ এনে অদূৰদৰ্শী কাৰ্যৰ ফলত ৰাজ্যত কিমান কৃষক যে আশাহত হৈ পৰিছে সেয়া বিভাগটোৰ দৰমহা খোৱা বিষয়া কৰ্মচাৰীয়ে কেতিয়াবা উপলব্ধি কৰিব পাৰিবনে ?

আৰু পঢ়ক : মহানগৰীত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

assam bandardewa