চাবুৱাত ড্ৰাগচসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

চাবুৱাত ড্ৰাগচসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ
Published on
Updated on

ডিজিটেল সংবাদ, চাবুৱাঃ চাবুৱাত গ্ৰেপ্তাৰ ড্ৰাগছসহ সৰবৰাহকাৰী। চাবুৱাত ড্ৰাগছখিনি ড্ৰাগছ বেপাৰীক দি অৰুণাচললৈ যোৱাৰ পৰিকল্পনা কৰিছিল সৰবৰাহকাৰীজনে।

চাবুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰী জন নগাওঁ লংকা বৰবাৰীৰ কুদ্দুছ আলি বুলি জানিব পৰা গৈছে। তেওঁৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ।

বুধবাৰে নিশা গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে চলাইছিল অভিযান। চাবুৱাৰ এম ই এচ তিনিআলিৰ সমীপৰ দোকানত ডিমাপুৰৰ পৰা আনি থকা অৱস্থাত কুদ্দুজ আলিক আটক কৰে আৰক্ষীয়ে। ড্ৰাগছ ব্যৱসায়ীগৰাকীৰ পৰা আৰক্ষীয়ে তিনিটা চাবোনৰ কেচত ৩৮.১১ গ্ৰাম ড্ৰাগছ জব্দ কৰে।

চাবুৱাত ড্ৰাগচসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ
বাণিজ্যৰ স্নাতক পৰীক্ষাত প্ৰথম ৪টা স্থানত গুৱাহাটী কমাৰ্চ কলেজ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in