দেশজুৰি জ্বলাই দিয়া হ'ল ২৪১৬ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ : অসমতো দাহন বুজন পৰিমাণৰ ড্ৰাগছ

দেশজুৰি জ্বলাই দিয়া হ'ল ২৪১৬ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ : অসমতো দাহন বুজন পৰিমাণৰ ড্ৰাগছ
Published on
Updated on

ডিজিটেল ডেস্ক : দেশজুৰি পালন কৰা হৈছে নেচনেল ড্ৰাগছ ডেষ্ট্ৰকচন ডে'। এই দিৱস উপলক্ষে দেশজুৰি দাহন কৰা হৈছে ড্ৰাগছ। বৰবিহ ড্ৰাগছৰ কবলৰ পৰা যুৱ প্ৰজন্মক উদ্ধাৰ আৰু ড্ৰাগছ সৰবৰাহকাৰীক সকিয়নীৰ উদ্দেশ্যে পালন কৰা হৈছে উক্ত দিৱস।

এই ড্ৰাগছ দাহন পৰ্বত দেশজুৰি জ্বলাই দিয়া হয় ২৪১৬ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ। আনহাতে অসমতো পালন কৰা হৈছে ড্ৰাগছ দাহন পৰ্ব। ড্ৰাগছ বিৰোধী অভিযানসমূহৰ সময়ছোৱাত আৰক্ষীয়ে জব্দ কৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ,নিচাজাতীয় টেবলেট,হেৰ'ইন,গাঞ্জা ইত্যাদি উক্ত দাহন পৰ্বত জব্দকৃত ড্ৰাগছসমূহ জ্বলাই দিয়া হয়।

এই কাৰ্যসূচীত অসম আৰক্ষীয়ে ৬৪ কিলোগ্ৰাম,গাঞ্জা ৫,২৬০ কিলোগ্ৰাম,কফ চিৰাপ ৫০.৯৫৫ বটল, টেবলেট আদি বুজন পৰিমাণৰ সামগ্ৰী জ্বলাই দিয়ে। উল্লেখ্য যে প্ৰদূষণ নিয়ন্ত্ৰণ আৰু আদালতৰ অনুমতি লোৱাৰ পিছত এই ধ্বংস কাৰ্য কৰা হয়।

দেশজুৰি জ্বলাই দিয়া হ'ল ২৪১৬ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ : অসমতো দাহন বুজন পৰিমাণৰ ড্ৰাগছ
নিশা চানমাৰিত ডকাইতি কাণ্ড : টকাৰ বেগ লৈ উধাও অচিনাক্ত দুৰ্বৃত্ত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in