দিল্লীৰ পৰা বিমানেৰে ডিব্ৰুগড়লৈ অনা হ’ল দুলাল বৰাক...

দিল্লীৰ পৰা বিমানেৰে ডিব্ৰুগড়লৈ অনা হ’ল দুলাল বৰাক...
Published on
Updated on

ডিজিটেল ডেস্ক : দিল্লী আৰক্ষীৰ জিম্মাৰ পৰা ট্ৰেনজিত জিম্মাত লৈ অসমলৈ লৈ অহা হৈছে বিতৰ্কিত আৰ টি আই কৰ্মী দুলাল বৰাক। মঙলবাৰৰ নিশা দিল্লীৰ এখন হাস্পতালৰ পৰা আটক কৰা বৰাক অসম আৰক্ষীৰ তিনিজনীয়া দলে বৃহস্পতিবাৰৰ পুৱাই বিমানেৰে অসমলৈ আনে।

পুৱা ৬-৩০ বজাতে ইণ্ডিগ’ বিমানেৰে দুলাল বৰাক ডিব্ৰুগড়লৈ অনা হয়। তাৰ পৰা পোনে পোনে তেঁওক আৰক্ষীয়ে চৰাইদেউলৈ নিব। উল্লেখযোগ্য যে দেৱজিৎ হাজৰিকা নামৰ বিজেপিৰ স্থানীয় নেতাজনৰ আত্মহত্যাৰ গোচৰত নাম সাঙোৰ খাইছিল দুলাল বৰাৰ।

এই গোচৰত নাম সাঙোৰ খোৱাৰ পাছতে ১৮ ছেপ্তেম্বৰত দুলাল বৰাই গুৱাহাটীৰ পৰা দিল্লীলৈ গৈ দিল্লীৰ কৃতি নগৰৰ কাৰ্লা হাস্পতালত ভৰ্তি হৈছিল গৈ। উল্লেখযোগ্য যে এইখন চিকিৎসালয়তে দুলাল বৰাৰ কন্যা কৰ্মৰত আছিল।

দিল্লীৰ পৰা বিমানেৰে ডিব্ৰুগড়লৈ অনা হ’ল দুলাল বৰাক...
চেৰ পেলাইছে আম্বানি, আদানি, ৰতন টাটাক : ভি আই পি নম্বৰপ্লেট ক্ৰয় কৰি চৰ্চাত এইকেইগৰাকী ব্যক্তি…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in