ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো চলিছে দুৰ্গা পূজাৰ ব্যাপক আয়োজন

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো চলিছে দুৰ্গা পূজাৰ ব্যাপক আয়োজন
Published on
Updated on

ডিজিটেল ডেস্কঃ ১৯ অক্টোবৰত ষষ্ঠী। দুৰ্গতিনাশিনী দেৱী দুৰ্গা মৰ্ত্যলৈ অহাৰ ৬ দিন সম্পূৰ্ণ হোৱাৰ লগে লগেই দেশজুৰি আৰম্ভ হয় দুৰ্গা পূজা । দেৱীৰ সৈতেই ধৰালৈ আহিছে সন্তান লক্ষ্মী, সৰস্বতী, কাৰ্তিক আৰু গণেশ । দেশৰ বিভিন্ন প্ৰান্তত অতি উলহ-মালহেৰে পালন কৰা হ'ব দুৰ্গাপূজা।

ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত পালন হ'ব দুৰ্গা পূজা। চানমাৰি ৰাজহুৱা পূজা সমিতিৰ উদ্যোগত ১৯ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ আয়োজন কৰা হৈছে দুৰ্গাপূজাৰ। ইয়াৰ পাছতে ২৮ অক্টোবৰত লক্ষ্মী পূজা আৰু ১২ নৱেম্বৰত কালী পূজাৰো আয়োজন কৰিছে পূজা সমিতিখনে। পূজা সুকলমে পালন কৰাৰ বাবে সভাপতি বলেন্দ্ৰ ভৰালী, উপ-সভাপতি ৰঞ্জিত শৰ্মা, জ্যোতিৰ্ময় শৰ্মা, সাধাৰণ সম্পাদক ঈষাণ বৰদলৈ, যুটীয়া সম্পাদক শচীন পাঠক, কিশোৰ তালুকদাৰকে ধৰি বিভিন্ন জনেৰে গঠিত হৈছে কমিটি।

সমান্তৰালকৈ নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজা সমিতিৰ উদ্যোগতো অনুষ্ঠিত হ'ব দুৰ্গা পূজা। নিউ গুৱাহাটীৰ গনেশ মন্দিৰ পথ চাৰিআলিত অনুষ্ঠিত হ'ব পঞ্চদশ বাৰ্ষিক দুৰ্গাপূজা। ইয়াৰোপৰি ২৮ অক্টোবৰত লক্ষ্মী পূজা আৰু ১২ নৱেম্বৰত কালী পূজাৰো আয়োজন কৰিছে পূজা সমিতিখনে।

গুৱাহাটীৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে পূজাৰ। লতাশিল, মালিগাঁও, আঠগাঁও আদিকে ধৰি বিভিন্ন স্থানত পূজা অনুষ্ঠিত কৰা হ'ব।

জনশ্ৰুতি অনুসৰি, দুৰ্গা দেৱীৰ ধৰালৈ এই আগমনৰ কাৰণ আছিল মৰ্ত্যত দীৰ্ঘদিন ধৰি অত্যাচাৰ চলাই অহা মহিশাসুৰ । কঠোৰ তপস্যাৰ অন্তত কোনো পুৰুষৰ হাতত মৃত্যু বৰণ নকৰাৰ বৰ লাভ কৰিছিল মহিশাসুৰে । তাৰ পাছত সকলো দেৱতাৰ শক্তিৰ ফলত সৃষ্টি হৈছিল মহিশাসুৰ মৰ্দিনী দুৰ্গা দেৱীৰ । পুৰুষে নিধন কৰিব নোৱাৰা বৰ লাভ কৰাৰ পাছত মহিশাসুৰৰ মৃত্যু হৈছিল এগৰাকী নাৰীৰ হাতত । তাৰ ফলতেই মৰ্ত্যৰ সকলো লোকে উপাসনা কৰা আৰম্ভ কৰিছিল দেৱীৰ ।

এইবেলি পূজা সুকলমে পাৰ হৈ যাব বুলি আশা কৰিছে ভক্তপ্ৰাণ ৰাইজে। লগতে সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে পূজা সমিতি সমূহে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো চলিছে দুৰ্গা পূজাৰ ব্যাপক আয়োজন
৫ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব অসম ইন্টাৰনেচনেল ট্ৰেড ফেয়াৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in