ডিজিটেল সংবাদ,মানকাচৰ : আজি মহাসপ্তমী। মহাসপ্তমী উপলক্ষে সমগ্ৰ ৰাজ্যজুৰি উলহ-মালহ পৰিৱেশৰ সৃষ্টি হৈছে। ব্যতিক্ৰম নহয় দক্ষিণ শালমাৰা-মানকাচৰ জিলা ।
জিলাখনত মানকাচৰৰ নিউ সাহাপাৰা মন্দিৰত দুৰ্গা পূজাৰ ৫০ বছৰ সম্পন্ন হোৱাত সোনালী জয়ন্তী আৰু দুৰ্গোৎসৱ একেলগে উদযাপন কৰি থকা হৈছে। ১৯৭৩ চনৰ পৰা নিউ সাহাপাৰাত বাংলাদেশ সীমান্তৱৰ্তী মানকাচৰৰ ৰাইজে দুৰ্গা পূজাৰ আয়োজন কৰি আহিছে।
এইবেলি জিলাখনৰ মানকাচৰৰ চহৰৰ পৰা আৰম্ভ কৰি ফকিৰগঞ্জলৈ মুঠ ৪২ খন মন্দিৰত দুৰ্গোৎসৱৰ আয়োজন কৰা হৈছে। একেদৰে জিলাখনৰ অসম-মেঘালয় সীমান্তৱৰ্তী এলেকাতো অৰ্ধশতাধিক মন্দিৰত দুৰ্গোৎসৱ উদযাপন কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে।
মেঘালয়ৰ বিশেষকৈ পশ্চিম গাৰো পাহাৰ জিলাৰ হেলিডেগঞ্জ থানা এলেকাৰ অধীনত ১৮ খন মন্দিৰত দুৰ্গোৎসৱ উদযাপন কৰি থকা হৈছে। হেলিডেগঞ্জ গোবিন্দ মন্দিৰত এইবেলি ৫৭ সংখ্যাক দুৰ্গোৎসৱৰ বাবে ব্যাপক আয়োজন কৰা হৈছে।
উল্লেখযোগ্য যে শুক্ৰবাৰে ষষ্ঠীৰ দিনা বেলবোধনৰ পাচত সন্ধিয়া পৰম্পৰাগত ৰীতি- নীতিৰে বেদীত দুৰ্গা দেৱীৰ প্ৰতিমা প্ৰতিষ্ঠা কৰা হয়। আজি সপ্তমীৰ পুৱা মন্দিৰে- মন্দিৰে পূজাৰীসকলে পৰম্পৰাগত ৰীতি-নীতিৰ মাজত দেৱীৰ প্ৰতিমাক স্নান কৰোৱায়।
ভক্তপ্ৰাণ লোকৰ উপস্থিতিত পূজা-অৰ্চনা কৰাৰ লগতে দেৱীৰ আশীষ গ্ৰহন কৰা হয়। দেৱীৰ আৰাধনাৰ পাচত পূজাৰীৰ সহযোগত ভক্তপ্ৰাণ লোকসকলে দেৱীৰ প্ৰতিমাত অঞ্জলী প্ৰদান কৰে। হেলিডেগঞ্জ গোবিন্দ মন্দিৰ আৰু হেলিডেগঞ্জ টিলাপাৰা মন্দিৰতো ভক্তপ্ৰাণ লোক সকলে দেৱীক অঞ্জলী প্ৰদান কৰি দুৰ্গা দেৱীৰ আৰাধণা কৰে।
আনহাতে মেঘালয়ৰ এই দুয়োখন মন্দিৰত অসম তথা মেঘালয়ৰ ভক্তপ্ৰাণ লোক সকলৰ উপৰি হিন্দু আৰু ইছলাম ধৰ্মালম্বী লোকসকলে মিলাপ্ৰীতিৰে একেলগে দুৰ্গোৎসৱ উদযাপন কৰে।