দুৰ্গা পূজাৰ সময়ত মহানগৰীত যান-বাহনৰ ক্ষেত্ৰত আৰোপ নিষেধাজ্ঞা, জানক সৱিশেষ

durga puja sop guwahati
durga puja sop guwahati
Published on
Updated on

ডিজিটেল ডেস্কঃ শুকুৰবাৰে ষষ্ঠী। দুৰ্গাপূজাক লৈ সমগ্ৰ ৰাজ্যতে দেখা গৈছে ব্যাপক উছাহ। ইয়াৰ মাজতে যান-বাহন শাখাৰ ডিচিপি জয়ন্ত সাৰথি বৰাই এক সংবাদমেল সম্বোধন কৰে।

দুৰ্গা পূজা উপলক্ষে DCP বৰাৰ এই সংবাদমেল সম্বোধন। দুৰ্গা পূজা উপলক্ষে মহানগৰীৰ ৰাজপথত কিছু নিষেধাজ্ঞা আৰোপ কৰা হৈছে। গধুৰ যান-বাহন পুৱা ৪ৰ পৰা ১০বজাত প্রৱেশ কৰিব পাৰিব মহানগৰীত।

২১ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ থাকিব এই নিষেধাজ্ঞা। বাণিজ্যিক সামগ্রী কঢ়িওৱা বাহনৰ ক্ষেত্রতো কিছু নিষেধাজ্ঞা।

  • দিনৰ ১১ৰ-নিশা ১২ বজালৈ ২৭নং ৰাষ্ট্রীয় ঘাইপথেৰে যাব নোৱাৰিব বাহন

  • জৰুৰীকালীন সেৱাৰ বাহনৰ ক্ষেত্রত প্রযোজ্য নহয় এই নিষেধাজ্ঞা

  • গণেশ মন্দিৰৰ দিশৰ পৰা গণেশগুৰি উৰণ সেতু পৰ্যন্ত ওৱান ৱে’

  • জু-ৰোডৰ দিশেৰে অহা বাহন গণেশ মন্দিৰৰ দিশত প্রৱেশ কৰিব নোৱাৰিব

  • গণেশ মন্দিৰ দিশৰ পৰা শংকৰদেৱ পথো হ’ব ওৱান ৱে’

  • জয়ানগৰ চাৰিআলিৰ পৰা বেলতলা তিনিআলিলৈ যোৱা বাহনৰ ক্ষেত্রত নিষেধাজ্ঞা

  • কেৱল এই পথছোৱাৰে স্থানীয় বাসিন্দাৰ বাহনহে যাব পাৰিব

  • বেলতলা তিনিআলিৰ পৰা জয়ানগৰ চাৰিআলিলৈ পথছোৱা ওৱান ৱে’ হ’ব

  • বেলতলা তিনিআলিৰ পৰা ভেটাপাৰা চাৰিআলিলৈ পথছোৱা ওৱান ৱে’ হ’ব

  • বেলতলা তিনিআলিৰ পৰা বশিষ্ঠ চাৰিআলিলৈ ন’ এন্ট্রি

  • ত্রিপুৰা গলিৰ পৰা সৌৰভনগৰ দিশলৈ যান-বাহন প্রৱেশত নিষেধাজ্ঞা

  • বশিষ্ঠ চাৰিআলিৰ পৰা বেলতলা তিনিআলিলৈ যান-বাহন প্রৱেশত নিষেধাজ্ঞা

  • উক্ত পথেৰে কেৱল স্থানীয় বাসিন্দাৰ বাহনহে চলাচল কৰিব পাৰিব

  • ফটাশিল চাৰিআলিৰ ৬,৭, ৮ নং ৰে’ল গেটতো নিষেধাজ্ঞা

  • কুমাৰপাৰাৰ পাঁচআলিৰ সতী জয়মতী পথতো যান-বাহন প্রৱেশত নিষেধাজ্ঞা

  • চাবিপুলৰ পৰা বিষ্ণুপুৰৰ ফটাশিল চাৰিআলিলৈ যান-বাহন প্রৱেশত নিষেধাজ্ঞা

  • আৰ কে চৌধুৰী পথৰ পৰা কে আৰ চি পথলৈ যান-বাহন প্রৱেশত নিষেধাজ্ঞা

  • উজনি-নামনিৰ বাছসমূহ পোনপটীয়াকৈ ISBTলৈ আহিব

  • GS ৰোডৰ বাছসমূহ ৰাষ্ট্রীয় ঘাইপথ হৈ যাব লাগিব

  • চিটীবাছসমূহৰ সময় ঠিক কৰা হ’ব, নিৰ্দিষ্ট সময়তহে চলিব চিটীবাছ

  • বিসৰ্জনৰ বাহনসমূহ দুপৰীয়া ১২ বজাৰ পৰা যাব পাৰিব

  • কেৱল প্রতিমা বিসৰ্জনৰ বাহনহে হাইক’ৰ্ট হৈ লাচিতঘাটলৈ যাব পাৰিব

  • প্রতিমা বিসৰ্জনৰ বাহন উলুবাৰী, TC ৰোডলৈ আহিব নোৱাৰিব

  • বি বৰুৱা ৰোড সম্পূৰ্ণ বন্ধ থাকিব প্রতিমা বিসৰ্জনৰ বাহনৰ বাবে

  • পাণ্ডু ঘাটলৈ কোনো বাহন মালিগাঁও হৈ যাব নোৱাৰিব

  • চিটীবাছসমূহৰ বাবে আৰ চি বুক ফাইন কৰা হ’ব

  • চিটীবাছসমূহক ১ মিনিট সময়ৰ টাইম কাৰ্ড প্রদান কৰা হ’ব

  • কেৱল ১ মিনিটৰ বাবেহে বাছ আস্থানত ৰ’ব পাৰিব চিটীবাছ

  • সুৰাপান কৰি বাহন চলোৱা সকলৰ বিৰুদ্ধে অভিযান প্রতিদিনে চলিব

durga puja sop guwahati
'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ ৰচনা প্ৰতিযোগিতালৈ ব্যাপক সঁহাৰি, বিজয়া দশমীত ঘোষণা হ'ব ফলাফল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in