ডিজিটেল ডেস্ক: গুৱাহাটীত দুৰ্গা পূজা অনুষ্ঠিত কৰাক লৈ প্রশাসনৰ নিৰ্দেশনা জাৰি কৰিছে। কামৰূপ মহানগৰ জিলা প্রশাসনে জাৰি কৰিলে বিশেষ নিৰ্দেশনা। সেই নিৰ্দেশনা সমূহ তলত উল্লেখ কৰা হ'ল-
প্রতিখন পূজা কমিটীয়ে স্থানীয় আৰক্ষীৰ পৰা অনুমতি ল’ব লাগিব।
পথ বন্ধ কৰি পূজা পাতিব নোৱাৰিব কোনো কমিটীয়ে।
প্রতিখন পূজা মণ্ডপতে থাকিব লাগিব CCTV কেমেৰা।
পূজা কমিটীসমূহৰ নিজৰ স্বেচ্ছাসেৱক থাকিব লাগিব।
প্রয়োজনতকৈ অধিক লাইটিং নকৰিবলৈ আহ্বান।
মণ্ডপৰ ওচৰে-পাজৰে পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰিব লাগিব।
মণ্ডপত বেনাৰত লিখা থাকিব লাগিব সভাপতি, সম্পাদকৰ ফোন নং।
প্রদূষণমুক্ত সামগ্রীৰে নিৰ্মাণ কৰিব লাগিব দেৱী মাৰ প্রতিমা।
৯ বজাৰ পূৰ্বেই সাংস্কৃতিক কাৰ্যসূচী সমাপ্ত কৰাৰ আহ্বান।
শব্দ প্রদূষণ নকৰিবলৈও আহ্বান।
বিদ্যুতৰ সংযোগৰ বাবে APDCLৰ সৈতে আলোচনা কৰিব লাগিব।
অগ্নিনিৰ্বাপনৰ প্রাথমিক ব্যৱস্থা গ্রহণ কৰিব লাগিব পূজা কমিটীয়ে।
FirstAidৰ ব্যৱস্থা কৰিব লাগিব কমিটীয়ে।
সঠিককৈ ব্যৱহাৰ কৰিব লাগিব ডাষ্টবিন।
মণ্ডপত থাকিব লাগিব পৰ্যাপ্ত খোৱাপানীৰ ব্যৱস্থা।
দেৱী বিসৰ্জন দিনৰ ভাগতে কৰিবলৈ আহ্বান।
জিলা প্রশাসন আৰু আৰক্ষীৰ উদ্যোগত অনুষ্ঠিত যুটীয়া সভাত এই ঘোষণা।