LMCHৰ নিযুক্তি পৰীক্ষাৰ কেলেংকাৰী সন্দৰ্ভত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সংবাদমেল...

‘এই প্রসংগৰ পৰা আঁতৰি থাকিব বিচাৰিছে অসম আৰক্ষী’
LMCHৰ নিযুক্তি পৰীক্ষাৰ কেলেংকাৰী সন্দৰ্ভত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সংবাদমেল...
Published on
Updated on

ডিজিটেল ডেস্ক : দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সংবাদমেল সম্বোধন। লখিমপুৰ মেডিকেল কলেজ হাস্পতালৰ নিযুক্তি পৰীক্ষাৰ কেলেংকাৰী সন্দৰ্ভত সংবাদমেল সম্বোধন।

সংবাদমেলত মন্তব্য কৰে যে ‘এই প্রসংগৰ পৰা আঁতৰি থাকিব বিচাৰিছে অসম আৰক্ষী’। ‘নিযুক্তি প্রক্রিয়াত চূড়ান্ত বিসংগতি সংঘটিত হৈছে’। ‘অতি শীঘ্রেই ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্ত হ’ব লাগে’। ‘দম্ভালি মাৰি থাকিলেই নহ’ব’।

আনহাতে, ‘অভিযোগৰ সত্যতা বিচাৰ কৰাৰ দায়িত্ব চৰকাৰ, আৰক্ষীৰ’। ‘ফলাফলক লৈ পৰীক্ষাৰ্থীৰ মাজত সন্দেহ ওপজাৰ বাবে দায়ী অধীক্ষকজন’। ‘অধীক্ষকগৰাকীক শীঘ্রে নিলম্বন কৰিব লাগে’। ‘আমি ১৬ ছেপ্টেম্বৰত লখিমপুৰ সদৰ থানাত গোচৰ ৰুজু কৰিছিলোঁ’। ‘এই গোচৰৰ ভিত্তিত অভিযোগৰ তদন্ত হ’ব লাগে’ বুলি সংবাদমেলত দাবী জনায়।

ইয়াৰ উপৰিও বিজেপিৰ লখিমপুৰ জিলাৰ সভাপতিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সদস্যই। ‘জিলা সভাপতিয়ে মুখ্যমন্ত্রীলৈ বিজেপিৰ প্রাৰ্থীক চাকৰি দিয়াৰ বাবে পত্র দিছিল’। ‘এই ব্যক্তিকেইজনৰ বিৰুদ্ধে তদন্ত হোৱাটো প্রয়োজন'।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in