ডিজিটেল সংবাদ ,ঢকুৱাখনা : যি সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা জীৱন দায়িনী ঔষধ পৰ্যন্ত সকলো সামগ্ৰীৰ ওপৰত জনসাধাৰণে বব নোৱাৰা কৰৰ বোজা জাপি দি শাসক গোষ্ঠীয়ে ৰাজহ সংগ্ৰহত নামিছে তেনে সময়তে কেৱল চমক সৃষ্টি কৰিবলৈ গৈ ৰাজ ভঁৰালৰ বিশাল পুঁজি অপচয় কৰাৰ এক দৃষ্টিকটু পদক্ষেপে শত সহস্ৰজনৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে। সংগৃহীত তথ্য মতে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মন্ত্ৰীসভাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী তথা ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেৰ পৃষ্ঠপোষকতাত ১১২ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ বগীনদী, ঘিলামৰা আৰু ঢকুৱাখনা উন্নয়ন খণ্ডৰ অন্তৰ্গত মুঠ ২১ খন পঞ্চায়তত নিৰ্মিত হৈছিল ২১টা (গ্ৰাম্য পুথিভঁৰাল) ই-লাইব্ৰেৰী। পৰম্পৰাগত আৰু সদ্য পৰিচিত লাইব্ৰেৰীৰ সংজ্ঞা সলনি কৰি সমষ্টিটোৰ এই ২১ খন পঞ্চায়তৰ ২১ টা ৰাজহুৱা স্থান দখল কৰি মুখ্যমন্ত্ৰী বিশেষ পুঁজিৰ আধাৰত নিৰ্মিত হৈছিল এই সমূহ ই-লাইব্ৰেৰী গৃহ। কেৱল ঢকুৱাখনা সমষ্টিৰ বাবে মুখ্যমন্ত্ৰীয়ে আগবঢ়োৱা বিশেষ 'পেকেজ'ৰ আবন্তিত পুঁজিৰে ন কদম, কদম, চিয়াজুলি, চাউলধোৱা, ঘিলামৰা, বৰদৈবাম, উখ মাটি, দেউলিয়া, পশ্চিম ঢকুৱাখনা, সোনাৰী চাপৰি, ভীমপৰা, বিলমুখ, সোৱণশিৰী (পাতৃচুক), মৰনৈ, বৰ্ষামুখ, ডাংধৰা, ডিমৰুগুৰি, মাতমৰা, পূব ঢকুৱাখনা, উত্তৰ ঢকুৱাখনা আৰু মধ্য ঢকুৱাখনা পঞ্চায়তত নিৰ্মিত এই ২১ টা ই-লাইব্ৰেৰীৰ বিপৰীতে সৰ্বমুঠ ব্যয় হৈছিল প্ৰায় ১২ কোটি টকা।
লখিমপুৰ জিলা ক্ষেত্ৰীয় লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্য্যালয়ৰ তদাৰকত নিৰ্মিত এই সমূহ ই লাইব্ৰেৰীৰ নিৰ্মাণৰ ঠিকা লাভ কৰিছিল গুৱাহাটীৰ বৰা চাৰ্ভিছৰ "ঔম কনষ্ট্ৰাকচন" নামৰ প্ৰতিষ্ঠানটোৱে। প্ৰায় ১২ কোটি ৰাজকোষৰ ধন ব্যয়ৰে নিৰ্মিত এই সমূহ ই লাইব্ৰেৰী ক্ৰূটিপূৰ্ণ আৰু নিম্ন মানদণ্ডৰে, অসম্পূৰ্ণ নিৰ্মাণেৰে ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে হস্তান্তৰ কৰি ৰাজকোষৰ পৰা সমূদায় ধন সৰকাই নিলে। পিছে এনেবোৰ তথাকথিত ই-লাইব্ৰেৰী আজিকোপতি লাইব্ৰেৰী হিচাবে ৰাইজৰ ব্যৱহাৰৰ বাবে উৎসৰ্গিত নহল। গ্ৰাম্যাঞ্চলীয় ৰাইজৰ লাইব্ৰেৰী সম্পৰ্কত থকা ধ্যান ধাৰণা আৰু সংজ্ঞা চৰকাৰী পৃষ্ঠপোষকতাত সলনি কৰি এই সমূহ লাইব্ৰেৰীৰ কিছু কিছু গৃহত এতিয়া চলে মেল, মিটিং আৰু মদ ,জুৱা, ভাঙৰ আড্ডা। বিগত প্ৰায় তিনিটা বছৰে এইসমূহ ই-লাইব্ৰেৰীৰ গৃহ অৱহেলিত, উপেক্ষিত অনাদৃত হৈ পৰি ৰোৱাৰ পৰিপ্ৰেক্ষিতত স্বাভাৱিকতে প্ৰশ্ন উঠিছে কাৰ স্বাৰ্থত এই সমূহ বিশেষ আঁচনি গ্ৰহণ কৰা হৈছিল ? গ্ৰামাঞ্চলৰ ৰাইজ নে ঠিকাদাৰ আৰু মুনাফালোভী ৰাজনীতিকৰ স্বাৰ্থত ? "মুখ্যমন্ত্ৰীৰ বিশেষ পেকেজ"ৰ পুঁজি ব্যয় কৰিবলৈ সমষ্টিটোত অন্য কোনো জটিল ৰাজহুৱা অভাৱ সমস্যা নাছিল নে তাৰ প্ৰতি ভ্ৰূক্ষেপ নাছিল ?
এই সন্দৰ্ভত ঘিলামৰাৰ দীপক দত্ত আৰু চাউলধোৱাৰ প্ৰদীপ গগৈয়ে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যত এই ভয়াবহ তথ্য পোহৰলৈ আহিছে। দুই আবেদনকাৰীয়ে "অসমীয়া প্ৰতিদিন ডিজিটেল"ক জনোৱা মতে লোকনিৰ্মান বিভাগে আবেদনকাৰীক বিচৰা সবিশেষ তথ্যৰ যোগান নধৰি দায়িত্বহীন তথ্য দাখিল কৰিছে। জনস্বাৰ্থৰ পৰিবৰ্তে ন্যস্ত স্বাৰ্থক অগ্ৰাধিকাৰ দি কোটি কোটি চৰকাৰী পুঁজি অপচয় কৰি নিৰ্মাণ কৰা এনেবোৰ অসম্পূৰ্ণ অনাৱশ্যকীয় গৃহৰ সঠিক নিৰ্মাণ আৰু ব্যৱহাৰ সন্দৰ্ভত বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জৰুৰী পদক্ষেপ কামনা কৰিছে দুই আৰ টি আই কৰ্মী আৰু ঢকুৱাখনা সমষ্টিবাসীয়ে।
আৰু পঢ়ক : জিনজিৰাম নদীত গা ধুবলৈ গৈ নিখোজ পাঁচ বছৰীয়া শিশু…