কাইলৈ কেইবাখনো জিলাত বন্ধ থাকিব শিক্ষানুষ্ঠানঃ কি হ'ব মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ?

শিক্ষা বিভাগৰ পৰা জাৰি কৰা নাই এই পৰ্যন্ত কোনো নিৰ্দেশনা
কাইলৈ কেইবাখনো জিলাত বন্ধ থাকিব শিক্ষানুষ্ঠানঃ কি হ'ব মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ?
কাইলৈ কেইবাখনো জিলাত বন্ধ থাকিব শিক্ষানুষ্ঠানঃ কি হ'ব মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ?
Published on
Updated on

ডিজিটেল ডেস্কঃ ৰীমলাৰ প্ৰভাৱত অসমত সোমবাৰে নিশাৰে পৰা ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ তাণ্ডৱ অব্যাহত আছে। ডিমা হাচাওকে ধৰি বহু পাহাৰীয়া অঞ্চলত ভূমিস্খলনে সৃষ্টি কৰিছে জটিল পৰিস্থিতি। যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে বৰাক উপত্যকাৰ সৈতে।

প্ৰকাণ্ড গছ বাগৰি বিদ্যুতৰ সংযোগ বিচ্ছিন্ন কৰাৰ লগতে যোগাযোগ ব্যৱস্থালৈয়ো প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। শিক্ষানুষ্ঠানৰ বাহনৰ ওপৰত গছ বাগৰি মৰিগাওঁ জিলাত এজন শিক্ষাৰ্থীৰ মৃত্যু হোৱাৰ লগতে ঢেকীয়াজুলিত আকৌ এখন স্কুল বাছৰ ওপৰত গছ বাগৰি পৰাৰ ফলত বহু কেইজন শিক্ষাৰ্থী আহত হৈছে।

এনে এক জটিল পৰিস্থিতিৰ মাজতে ২৯ মে'ত ৰাজ্যৰ কেইবাখনো জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ৰেড এলাৰ্ট জাৰি কৰা এই জিলা কেইখন ক্ৰমে নগাওঁ, হোজাই, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, গোলাঘাট, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ। সেয়ে এই জিলা কেইখনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২৯ মে'ত সকলো ধৰণৰ শিক্ষানুষ্ঠান বন্ধ থাকিব বুলি ঘোষণা কৰিছে।

কিন্তু উক্ত দিনটোতে অনুষ্ঠিত হোৱাৰ কথা মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা। এনে পৰিপ্ৰেক্ষিতত এতিয়া কম্পাৰ্টমেণ্টল পৰীক্ষা অনুষ্ঠিত হ'বনে নাই তাক লৈ বিপাঙত পৰিছে শিক্ষাৰ্থীসকল। এই সন্দৰ্ভত এই পৰ্যন্ত শিক্ষা বিভাগেও কোনো নিৰ্দেশনা জাৰি কৰা নাই।

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে এক্সত এই সন্দৰ্ভত কোনো কথা উল্লেখ কৰা নাই। তেওঁ কেৱল যিসমূহ স্থানৰ অৱস্থা অধিক স্পৰ্শকাতৰ, সেইসমূহ স্থানৰ প্ৰশাসনৰ সৈতে সংস্পৰ্শত থাকিবলৈ বিদ্যালয় কৰ্তৃপক্ষক আহ্বান জনাইছে।

কাইলৈ কেইবাখনো জিলাত বন্ধ থাকিব শিক্ষানুষ্ঠানঃ কি হ'ব মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ?
মোডীৰ প্ৰতিশ্ৰুতি অসাৰঃ বাজেট ঘোষণা আৰু ৰূপায়ণত আকাশ পাতাল পাৰ্থক্য....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in