অসমত উপস্থিত ৩ জনীয়া নিৰ্বাচন আয়োগৰ দল...

আজি জিলা আয়ুক্তৰে হ'ব বৈঠক
অসমত উপস্থিত ৩ জনীয়া নিৰ্বাচন আয়োগৰ দল...
অসমত উপস্থিত ৩ জনীয়া নিৰ্বাচন আয়োগৰ দল...
Published on
Updated on

ডিজিটেল ডেস্কঃ গুৱাহাটীত আজি উপস্থিত হ'লহি দেশৰ নিৰ্বাচন আয়োগৰ ৩ জনীয়া এটা দল। আজি দিনৰ প্ৰায় ১১.০৫ বজাত কলকাতাৰ পৰা গুৱাহাটী বিমান বন্দৰত উপস্থিত হোৱা দলটো দুদিন ধৰি অসমত থাকিব।

দলটোৰ নেতৃত্বত আছে নিৰ্বাচন আয়োগৰ উপ মুখ্য নিৰ্বাচন আয়ুক্ত হৃদেশ কুমাৰে। তেওঁৰ সৈতে আহিছে নিৰ্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডে আৰু অৰুণ গোৱেল।ইয়াৰ মাজতে আজি বিয়লি আয়োগৰ দলটোৱে জিলা আয়ুক্তসকলৰ সৈতে জনতা ভৱনত এক বৈঠকত মিলিত হ'ব।

নিৰ্বাচনী আয়োগৰ দলটোৱে ইয়াৰ মাজতে অসম আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু প্ৰশাসনৰ সৈতেও বৈঠকত মিলিত হ'ব। ইয়াৰ জৰিয়তে নিৰ্বাচনী আয়োগৰ দলটোৱে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল'ব।

জিলা নিৰ্বাচনী বিষয়া, আৰক্ষী সঞ্চালক প্ৰধান, কেন্দ্ৰীয় আৰক্ষী বাহিনীৰ নোডেল বিষয়া আদিৰ সৈতে সুৰক্ষা ব্যৱস্থাৰ লগতে আৰক্ষী প্ৰশাসন, জিলা আয়ুক্ত আদিৰ সৈতে আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত নিৰাপত্তা ব্যৱস্থা, ভোটকেন্দ্ৰৰ প্ৰস্তুতি, ভোটাৰৰ মাজত সজাগতা বৃদ্ধি আদি বিষয়ৰ ওপৰত পৰ্যালোচনা কৰিব৷

অসমত উপস্থিত ৩ জনীয়া নিৰ্বাচন আয়োগৰ দল...
কংগ্ৰেছে এ আই ইউ ডি এফৰে মিত্ৰতা নকৰাক লৈ অসন্তুষ্ট শশীকান্ত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in