ডিজিটেল ডেস্কঃ সমষ্টি পুনৰ নিৰ্ধাৰণৰ শুনানি গ্ৰহণৰ বাবে গুৱাহাটীলৈ অহা নিৰ্বাচন আয়োগে আজি দ্বিতীয়টো দিনত পুনৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কেইবাখনো জিলাৰ প্ৰতিনিধিৰ সৈতে আলোচনাত বহিব। কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহ, মাধৱদেৱ প্ৰেক্ষাগৃহত পুৱা ৯.৩০ বজাৰ পৰা শুনানি গ্ৰহণ কৰিব নিৰ্বাচন আয়োগে।
আজি শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত গোৱালপাৰা, বঙাইগাওঁ, বৰপেটা, নলবাৰী, শোণিতপুৰ আৰু কৰিমগঞ্জৰ প্ৰতিনিধিৰে আলোচনা কৰাৰ সমান্তৰালকৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৩ নং হলত দৰং, হাইলাকান্দি, কাছাৰ আৰু দক্ষিণ শালমাৰাৰ প্ৰতিনিধিৰে বৈঠকত বহিব।
আনহাতে শ্ৰীশ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত নগাওঁ, মৰিগাওঁ আৰু ধুবুৰীৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। বিয়লি ৩-৩০ বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ সৈতে আলোচনাত বহিব।
ইয়াৰ পূৰ্বে ১৯ জুলাই, বুধবাৰে শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োগৰ দলটোৱে কামৰূপ মহানগৰ, পশ্চিম কাৰ্বি আংলং, চিৰাং, বাক্সা আৰু ডিমা হাচাওৰ প্ৰতিনিধিৰে আলোচনাত বহে।একেটা প্ৰেক্ষাগৃহৰ ৩ নং হলত কামৰূপৰ প্ৰতিনিধি আৰু শ্ৰীশ্ৰী মাধৱদেৱ প্রেক্ষাগৃহত ওদালগুৰি, কাৰ্বি আংলং আৰু কোকৰাঝাৰ জিলাৰ প্রতিনিধিৰে বৈঠকত বহে আয়োগৰ দলটো।
ইফালে ২১ জুলাই ২০২৩ত পুৱা ৯-৩০ বজাৰ পৰা দিনৰ ১২-৩০ বজালৈ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত তিনিচুকীয়া, ধেমাজি আৰু লখিমপুৰ জিলাৰ প্ৰতিনিধি আৰু শ্ৰীশ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত ডিব্ৰুগড়, চৰাইদেও, গোলাঘাট আৰু মাজুলীৰ প্ৰতনিধিৰে আয়োগ আলোচনাত বহিব।
Also Read: মোডীৰ অষ্টলক্ষ্মীৰ দুৰ্দশাঃ মণিপুৰৰ ৰাজপথত দুই মহিলাক উলংগ কৰি পেৰেড...