নিৰ্দেশৰ পাছতো খালী নকৰিলে! বিদ্যুৎ আৰু পানীৰ সংযোগ কৰ্তন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বাসগৃহৰ

প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ বাসগৃহৰ বিদ্যুৎ কৰ্তন।

author-image
Asomiya Pratidin
New Update
দিল্লী এইমছৰ কাৰ্ডিয়’লজি বিভাগত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত …

ডিজিটেল ডেস্ক: প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ বাসগৃহৰ বিদ্যুৎ কৰ্তন। দিছপুৰৰ পুৰণি চৰকাৰী বিধায়ক আবাসৰ বিদ্যুৎ সংযোগ কৰ্তন।

বিদ্যুৎ সংযোগৰ লগতে কৰ্তন কৰা হয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ বাসগৃহৰ পানীৰ সংযোগো। নতুন বিধায়ক আবাস গৃহৰ ৫ আৰু ৬ নংলৈ স্থানান্তৰৰ নিৰ্দেশ মহন্তক।

প্রাক্তন মুখ্যমন্ত্রী গৰাকীক কেইবাবাৰো ঘৰ খালীৰ নিৰ্দেশ দিছিল চৰকাৰে। কিন্তু খালী কৰা নাছিল ঘৰ। ৬ মাহ ধৰি খালী নকৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰে বিধায়ক আবাসগৃহ কৰ্তৃপক্ষই।

assam prafulla mahanta